পাৰিবাৰিক অশান্তি : তান্ত্রিকৰ ওচৰ চাপি সর্বস্বান্ত দুর্ভগীয়া শিক্ষক

বিশেষ বাৰ্তা, ২২ মে’ : পাৰিবাৰিক অশান্তিত জর্জৰিত শিক্ষক এগৰাকীয়ে তান্ত্রিকৰ ওচৰত প্রতিকাৰ বিচাৰিবলৈ গৈ সর্বস্বান্ত হ’বলগীয়া হৈছে৷ এই ঘটনা ৰাজস্থানৰ৷ সূত্রই সদৰী কৰা অনুসৰি, চেতনৰাম দেবদা নামৰ শিক্ষকগৰাকীয়ে পত্নী সুষমাৰ সৈতে এজন তান্ত্রিকৰ ওচৰ চাপিছিল৷ কিন্তু তান্ত্রিকক বিশ্বাস কৰি লাখ লাখ টকাৰ সম্পত্তি হেৰুৱাবলগীয়া হ’ল চেতনৰামে৷ উল্লেখনীয় যে তান্ত্রিক কালু খানে যোৱা জুলাই মাহত চেতনৰামক অশান্তিৰ মূল সম্পত্তি বুলি কৈ সমস্ত সম্পত্তি বিক্রী কৰাৰ পৰামর্শ দিয়ে৷ কিন্তু চেতনৰামে সম্পত্তি বিক্রী কৰিবলৈ নিবিচৰাত সেই সম্পত্তি কালু খানে তেওঁৰ নামত লিখি দিবলৈ কয়৷ সমস্যা সমাধান হ’লেই সম্পত্তি ঘূৰাই দিয়াৰ প্রতিশ্রুতি দিছিল যদিও ইতিমধ্যে কালুৱে সমস্ত সম্পত্তি বিক্রী কৰি দিয়ে৷

Featured