শতাব্দী এক্সপ্ৰেছত অগ্নিকাণ্ড, সকলো যাত্ৰী সুৰক্ষিত

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ দিল্লী-ডেৰাডুন জনশতাব্দী এক্সপ্ৰেছ ৰে’লৰ কেইবাটাও দবাত জুই লাগে। তথ্য অনুসৰি, ৰে’লখনৰ চি-৪ কম্পাৰ্টমেণ্টত জুই লাগিছিল। ঘটনাত এতিয়ালৈকে কোনো লোকৰ হতাহতিৰ খবৰ লাভ কৰা নাই। উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে এই তথ্য প্ৰদান কৰিছে।

অশোক কুমাৰে কৈছিল যে চলিত অৱস্থাতে ৰেলখনৰ কম্পাৰ্টমেণ্টত অগ্নি সংযোগ ঘটে।