ৰাফেল যুদ্ধবিমানক লৈ ‘যুদ্ধ’ দেশৰ ৰাজনীতিত

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ পুনৰ ৰাফেল যুদ্ধবিমান ক্রয়ৰ বিষয়বোৰক লৈ দেশৰ ৰাজনীতিত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ ২০১৬ চনত ভাৰতে ফ্রান্সৰ পৰা ৩৬খন অত্যাধুনিক ৰাফেল যুদ্ধবিমান ক্রয়ৰ যি চুক্তি কৰিছিল তাৰ বাবে ভাৰতীয় মধ্যভোগী এজনক এই যুদ্ধবিমানৰ নির্মাতা ডাছাল্ট কোম্পানীয়ে ১.১ নিযুত ইউৰো আদায় দিছিল বুলি ফৰাচী প’র্টেল ‘মিডিয়াপার্ট’ এ এক প্রতিবেদনত প্রকাশ কৰিছে৷ দেশত দুর্নীতিবিৰোধী সংস্থাৰ তদন্তৰ ওপৰত ভিত্তি কৰি মিডিয়াপার্টে এই প্রতিবেদন যুগুতোৱা বুলি ঘোষণা কৰিছে৷ ডাছাল্টে দাবী কৰা অনুসৰি এই ধন ৰাফেল যুদ্ধবিমানৰ ৫০টা ৰেপ্লিকা বা প্রতিৰূপৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু ডাছাল্টে এইক্ষেত্রত কোনোধৰণৰ নথি বা আলোকচিত্রত প্রামাণিক তথ্য হিচাপে দাখিল কৰিবলৈ সক্ষম হোৱা নাই৷

লক্ষণীয়ভাৱে প্রতিবেদনত ভাৰতীয় মধ্যভোগীজনে অন্য এক প্রতিৰক্ষা চুক্তিৰ সময়ত ধনৰ লেনদেন কৰা বুলি মিডিয়াপার্ট প’র্টেলে প্রতিবেদনত উল্লেখ কৰিছে৷ ইফালে প’র্টেলটোৰ তিনিটা খণ্ডৰ এই প্রতিবেদনৰ পিছতে আজি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্রেছ৷ কংগ্রেছে এই যুদ্ধবিমান ক্রয়ৰ বিষয়টোক লৈ এক নিৰপেক্ষ তদন্ত দাবী কৰাৰ উপৰি নৰেন্দ্র মোদী চৰকাৰলৈ ৫টা প্রশ্ণ প্রত্যাহ্বান হিচাপে আগবঢ়াইছে৷ কংগ্রেছৰ মুখ্য মুখপাত্র ৰণদীপ সূর্যেৱালাই কয় যে ডাছাল্টে যি বৃহৎ ধনৰাশি মধ্যভোগীক আদায় দিছিল, সেয়া উপহাৰ আছিল নে কমিছন আছিল সেয়া স্পষ্ট কৰিব লাগে চৰকাৰে৷ চৰকাৰে এক প্রতিৰক্ষা চুক্তি কৰিলে মধ্যভোগীয়ে কেনেদৰে ধন লাভ কৰিব পাৰে বুলিও প্রশ্ণ কৰিছে কংগ্রেছে৷