মহালেখা পৰীক্ষকৰ পদত অভিষিক্ত গিৰীশ চন্দ্ৰ মৰ্মু, ৰাষ্ট্ৰপতিয়ে কৰালে শপতপাঠ

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক (CAG)ৰ পদত অভিষিক্ত কৰা হ’ল গিৰীশ চন্দ্ৰ মুৰ্মক। কাৰ্যালয়ত সোমায়ে মহাত্মা গান্ধী আৰু ভীমৰাও আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছতে মহালেখা পৰীক্ষকগৰাকীক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পদবী আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায়।

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা গিৰীশ মুৰ্মৱে এই পদৰ পৰা অব্যাহতি লোৱাৰ এদিন পিছতে মহালেখা নিয়ন্ত্ৰকৰ পদত নিযুক্ত হয়। মুৰ্মুৰ আগতে এই পদ চম্ভালি আছিল ৰাজীৱ মহৰ্ষিয়ে।

১৯৫৯ চনত উৰিষ্যাত জন্মগ্ৰহণ কৰা গিৰীশ চন্দ্ৰ মুৰ্মু ১৯৮৫ চনৰ আই এ এছ বিষয়া আছিল আৰু তেতিয়াৰ পৰা তেওঁ বিভিন্ন পদত নিযুক্ত থাকি দেশলৈ সেৱা আগবঢ়াই আহিছে।