জিএছটি ক্ষতিপূৰণৰ ধন মুকলি কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ  দেশৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ বাকী থকা জি এছ টি ক্ষতিপূৰণৰ ধন আজি মুকলি কৰি দিয়ে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে৷ এক বিবৃতিযোগে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ ৪৪ হাজাৰ কোটি টকা মুকলি কৰি দিয়া বুলি ঘোষণা কৰিছে৷ বিবৃতি অনুসৰি অসমলৈ ৪৯০.৭৬ কোটি, অন্ধ্রপ্রদেশলৈ ৯০৫.৫৯ কোটি, বিহাৰলৈ ১৮৮৫.৬৯ কোটি, ছত্তিশগড়লৈ ১৩৭৪.০২ কোটি, গোৱালৈ ২৩৪.২৮ কোটি, গুজৰাটলৈ ৩৬০৮.৫৩ কোটি, হাৰিয়ানালৈ ২০৪৫.৭৯ কোটি, হিমাচল প্রদেশলৈ ৭৪৫.৯৫ কোটি, ঝাৰখণ্ডলৈ ৬৮৭.৭৬ কোটি, কর্ণাটকলৈ ৫০১০.৯০ কোটি, কেৰালালৈ ২৪১৮.৪৯ কোটি, মধ্যপ্রদেশলৈ ১৯৪০.২০ কোটি, মহাৰাষ্ট্রলৈ ৩৮১৪ কোটি, মেঘালয়লৈ ৩৯.১৮ কোটি, ওড়িশালৈ ১৭৭৯.৪৫ কোটি, পঞ্জাবলৈ ৩৫৩৭.৪৮ কোটি, ৰাজস্থানলৈ ২০১১.৪২ কোটি, তামিলনাডুলৈ ২২৪০.২২ কোটি, তেলেংগানালৈ ১২৬৪.৭৮ কোটি, ত্রিপুৰালৈ ১১১.৩৪ কোটি, উত্তৰ প্রদেশলৈ ২২৫২.৩৭ কোটি, উত্তৰাখণ্ডলৈ ৯২২.৩০ কোটি, পশ্চিমবংগলৈ ১৭৭৮.১৬ কোটি, দিল্লীলৈ ১৭১৩.৩৪ কোটি, জম্মু–কাশ্মীৰলৈ ১০৬৪.৪৪ কোটি আৰু পুডুচেৰীলৈ ৩০৩.৫৬ কোটি টকা৷