পথৰ গাঁতে নতুন জীৱন দিলে মৃত বৃদ্ধক

🔹 হাৰিয়ানাৰ ঘটনাক লৈ চাঞ্চল্য

🔹 এম্বুলেন্সৰ জোকাৰণিত ঘূৰি আহিল হৃদস্পন্দন

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : পথৰ গাঁতক লৈ বিভিন্ন সময়ত প্রশাসনক সমালোচনা কৰা হয়৷ বিভিন্ন সময়ত এই পথৰ গাঁতেই হৈ পৰে দুর্ঘটনাৰ কাৰণ৷ কিন্তু পথৰ গাঁতেই যেতিয়া কাৰোবাৰ জীৱনৰ বাবে আশীর্বাদ হৈ পৰে, তেতিয়া ইয়াক লৈ কি কোৱা যাব। এনে এক ঘটনাৰ সাক্ষী হ’ল হাৰিয়ানা৷ ‘মৃতদেহ’ত প্রাণৰ সঞ্চাৰ ঘটালে পথত থকা ভয়ংকৰ গাঁতে৷ ৮০ বছৰীয়া দর্শন সিং ব্রাৰক মৃত বুলি ঘোষণা কৰিছিল চিকিৎসকে৷ লগে লগে শোকৰ ছাঁ নামি আহে পৰিয়াললৈ৷ মৃতকক বিদায় জনোৱাৰ বাবে পৰিয়ালে প্রস্তুতি আৰম্ভ কৰিছিল৷ কিন্তু হঠাতে ঘটিল অভাৱনীয় ঘটনা৷ ৰাস্তাত থকা গাঁতত এম্বুলেন্সৰ চকা সোমাই পৰে৷ তেতিয়াই ‘মৃত’ বুলি ঘোষণা কৰা বৃদ্ধ জাগি উঠে৷ পাটিয়ালাৰ পৰা কার্নালৰ পথেৰে গৈছিল এম্বুলেন্সখন৷ বৃদ্ধৰ সৈতে এম্বুলেন্সত আছিল নাতিয়েক বালৱান সিং৷ এম্বুলেন্সখনৰ চকা গাঁতত পৰি তীব্র জোকাৰণিৰ সৃষ্টি হোৱাৰ লগে লগে নাতিয়েকে দেখিবলৈ পায় যে বৃদ্ধই লৰচৰ কৰিবলৈ ধৰিছে৷ ইয়াৰ পিছতে হূদস্পন্দন শুনিবলৈ পোৱা যায়৷ লগে লগে সমীপৱর্তী হাস্পতাললৈ লৈ যোৱা হয় বৃদ্ধক৷ তাত পৰীক্ষা–নিৰীক্ষাৰ পিছত চিকিৎসকে কয় যে দর্শন সিং ব্রাৰ জীৱিত অৱস্থাত আছে৷ বর্তমান কার্নালৰ হাস্পতালতে চিকিৎসাধীন হৈ আছে বৃদ্ধগৰাকী৷ অৱশ্যে শাৰীৰিক অৱস্থা সংকটজনক বুলিয়েই চিকিৎসকে ঘোষণা কৰিছে৷ ইফালে, পৰিয়ালে দর্শন সিং ব্রাৰৰ আশু আৰোগ্য কামনা কৰিছে৷

Featured