বিদ্যালয়ত শিশু শিক্ষার্থী কিমান নিৰাপদ !

🔹 এনচিপিচিআৰক নিৰীক্ষণৰ নির্দেশ ছুপ্রিম ক’ৰ্টৰ

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : বিদ্যালয়সমূহত শিশু শিক্ষার্থীৰ নিৰাপত্তাক লৈ ২০২১ চনত দেশৰ উচ্চতম ন্যায়ালয়ে যি নির্দেশনা দিছিল, তাৰ যথাযথ প্রয়োগ হৈছে নে নাই তাক নিৰীক্ষণ কৰিবলৈ কালি ছুপ্রিম ক’ৰ্টে ৰাষ্ট্রীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ (এনচিপিচিআৰ)ক নির্দেশ দিছে৷ উল্লেখনীয় যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্না আৰু ন্যায়াধীশ এন কটিশ্বৰ সিঙৰ বিচাৰপীঠে শিশুসকলৰ নিৰাপত্তাৰ ক্ষেত্রত বিদ্যালয়ে কেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰিছে, তাক নিৰীক্ষণ কৰাৰ প্রয়োজন আছে বুলি উল্লেখ কৰে৷ লক্ষণীয়ভাৱে ২০২১ চনৰ নির্দেশনা উচ্চতম ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ প্রেৰণ কৰিছিল৷ এই নির্দেশনা অনুযায়ী স্কুলীয়া শিশুৰ নিৰাপত্তা নিশ্চিত নহ’লে স্কুল কর্তৃপক্ষ জগৰীয়া হ’ব৷ আনহাতে, শিক্ষক আৰু অন্যান্য কর্মচাৰীয়ে নিজৰ ভূমিকা পালন নকৰিলে সেয়াও অপৰাধ হিচাপে গণ্য কৰা হ’ব বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছিল৷ তেতিয়াৰ সেই নির্দেশনা কিমান বাস্তৱসন্মত হৈছে, তাক লৈ এনচিপিচিআৰৰ তৰফৰ পৰা প্রতিবেদন বিচাৰিছে বিচাৰপীঠখনে৷ লক্ষণীয়ভাৱে ন’বেল শান্তি বঁটা বিজয়ী কৈলাস সত্যার্থীৰ ‘বছপন বচাও আন্দোলন’ৰ তৰফৰ পৰা ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদন এখনৰ শুনানিৰ পাছতে শীর্ষ আদালতখনে বিভিন্ন নির্দেশ দিছিল বিদ্যালয়ত শিশুৰ সুৰক্ষাৰ ক্ষেত্রত৷ শিশুক শোষণ, আতিশয্য আদিৰ পৰা ৰক্ষা কৰিবলৈ উচ্চতম ন্যায়ালয়ক এলানি নির্দেশনা দিবলৈ আবেদন জনাইছিল সত্যার্থীৰ বছপন বচাও আন্দোলনে৷ কিন্তু ইয়াৰ পাছতো দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত শিশুৰ ওপৰত শিহৰণকাৰী আতিশয্য চলি থকাৰ ঘটনা পোহৰলৈ আহিছে৷ আনকি বিদ্যালয়ৰ ভিতৰতে শিশুক যৌন আতিশয্য চলোৱা হৈছে৷ গতিকে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে এনচিপিচিআৰক শিক্ষানুষ্ঠানত শিশুৰ নিৰাপত্তা কিমান নিশ্চিত হৈছে, তাক নিৰীক্ষণ কৰি শীঘ্রে প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছে৷ ইয়াৰ পূর্বেও এই বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ে বিভিন্ন নির্দেশনা দিছিল৷ বিদ্যালয়ৰ পৰিচালনা কমিটী, অধ্যক্ষ, প্রধান শিক্ষকসকলৰ লগতে অ–শিক্ষক কর্মীৰ ভূমিকা সন্দর্ভত বিভিন্ন নির্দেশ দিছিল ন্যায়ালয়ে৷

Featured