IB কনিষ্টবলৰ মৃত্যুঃ আপ কাউন্সিলৰ তাহিৰ হুছেইনলৈ অভিযোগৰ আঙুলি

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত উত্তপ্ত হৈ আছে উত্তৰ-পূব দিল্লী । ইতিমধ্যে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ৩৫ লৈ । নাগৰিকত্ব সংশোধনী আইন বিৰোধী এই আন্দোলনে লোৱা হিংসাত্মক পৰিস্থিতিৰ মাজতে মৃত্যু সাৱটি লৈছিল অংকিত শৰ্মা নামৰ এজন আই বি কনিষ্টবলে । এটা নলাত উদ্ধাৰ হোৱা আইবি কনিষ্টবল অংকিত শৰ্মাৰ মৃত্যুৰ বাবে পৰিয়ালৰ লোকে অভিযোগৰ আঙুলি তুলিছে আম আদমী পাৰ্টীৰ কাউন্সিলৰ তাহিৰ হুছেইনৰ বিৰুদ্ধে ।

উল্লেখ্য যে, আম আদমী পাৰ্টীৰ নেতা তথা কাউন্সিলৰ তাহিৰ হুছেইনৰ বাসগৃহৰ ছাদত বৃহস্পতিবাৰে উদ্ধাৰ হয় পেট্ৰ’ল বোমা, শিল আৰু বহু পৰিমাণৰ এই ধৰণৰ সামগ্ৰী । দিল্লীৰ এই হিংসাত্মক কাণ্ডৰ এক ভিডিঅ’টো দেখা গৈছিল তাহিৰ হুছেইনৰ বাসগৃহৰ ওপৰৰ পৰা তললৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ দৃশ্য । ইয়াৰ পাচতেই এতিয়া আই বি কনিষ্টবল অংকিত শৰ্মাৰ পৰিয়ালে অংকিতৰ মৃত্যুৰ বাবে দায়ী কৰিছে তাহিৰ হুছেইনক । ইতিমধ্যে দিল্লীৰ পৰিস্থিতি কিছু প্ৰশমিত হোৱাৰ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ।

Featured
Comments (0)
Add Comment