মোদী হাৰিলেও দীর্ঘদিন শাসনত থাকিব বিজেপি

নিয়মীয়া বাৰ্তা ২৯অক্টোবৰঃ নির্বাচনী ৰণনীতি বিশেষজ্ঞ প্রশান্ত কিশোৰে শতিকাপুৰণি কংগ্রেছ আৰু কেন্দ্রৰ শাসনাধিষ্ঠিত বিজেপিক লৈ বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ গোৱাত এক কার্যসূচীত অংশ লৈ ৰণনীতি বিশেষজ্ঞ প্রশান্ত কিশোৰে বর্তমান কংগ্রেছৰ সমস্যাৰ কাৰণ ৰাহুল গান্ধী বুলি মন্তব্য কৰাৰ বিপৰীতে কেইবাদশক ধৰি বিজেপি শাসনত থাকিব বুলি মন্তব্য কৰিছে৷ কংগ্রেছ নেতা ৰাহুল গান্ধী সম্পর্কে প্রশান্ত কিশোৰে কয় যে কংগ্রেছ দলটোৰ সমস্যা ৰাহুল গান্ধী৷ কিয়নো ৰাহুল গান্ধীয়ে প্রতিপক্ষৰ শক্তিৰ পৰীক্ষা কৰিব নোৱাৰে৷ প্রতিপক্ষৰ শক্তি সম্পর্কে ৰাহুলৰ কোনো ধাৰণা নাই, যাৰ বাবে কেতিয়াও বিজেপি প্রতিপক্ষক পৰাজিত কৰিব নোৱাৰিব৷

ইপিনে বিজেপি সন্দর্ভত প্রশান্ত কিশোৰে কয় যে জিকক বা হাৰক, পৰৱর্তী কেইবাটাও দশক বিজেপি ভাৰতীয় ৰাজনীতিৰ কেন্দ্রত থাকিব৷ যিদৰে স্বাধীনতাৰ পাছত পৰৱর্তী ৪০ বছৰ কেন্দ্রত আছিল কংগ্রেছ৷ ভাৰতত যদি এবাৰ কোনো দলে ৩০ শতাংশৰ অধিক ভোট পায়, তেনে দলৰ দ্রুত পতনৰ সম্ভাৱনা নাই৷ ২০১৯ চনৰ লোকসভাত বিজেপিয়ে দেশজুৰি ৩৭ শতাংশতকৈও অধিক ভোট লাভ কৰিছে৷

ইপিনে দেশৰ নাগৰিক ক্রমান্বয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কার্যকলাপক লৈ ক্ষুণ্ণ হোৱাৰ প্রসংগ উল্লেখ কৰি প্রশান্ত কিশোৰে কয়– এইবাৰ হয়তো দেশৰ নাগৰিকে মোদীক আঁতৰাব৷ কিন্তু বিজেপিক আঁতৰাব নোৱাৰে৷ দলটো শাসনত থাকিব পৰৱর্তী কিছু দশক ধৰি৷

লক্ষণীয় যে বিজেপিৰ শক্তিৰ মূল্যায়নৰ ক্ষেত্রত ৰাহুল গান্ধীয়ে ভুল কৰি আছে বুলি প্রশান্ত কিশোৰে দৃঢ়তাৰে উল্লেখ কৰি কয় যে ৰাহুল গান্ধীয়ে ভাবি আছে, এটা সময় আহিব মোদীক উৎখাত কৰিব৷ তেওঁ তাৰেই অপেক্ষাত আছে৷ কিন্তু ৰাহুলৰ এই অপেক্ষা হয়তো সম্ভৱ হৈ নুঠিব৷ তাৎপর্যপূর্ণ যে প্রশান্ত কিশোৰে কংগ্রেছত বিশেষ পদত যোগ দিয়াৰ কথা চর্চিত হৈছিল৷ এই চর্চাৰ মাজতে উত্তৰ প্রদেশৰ লখিমপুৰৰ খেৰিৰ ঘটনাক লৈ কংগ্রেছৰ কার্যসূচী গ্রহণযোগ্য নহয় বুলি দলটোক কটাক্ষ কৰিছিল প্রশান্ত কিশোৰে৷