২০২১তো ক’ভিডে আক্রান্ত কৰিব ইউৰোপক, বিশ্ব স্বাস্থ্য সংস্থাৰ সতর্কবাণী

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ আশংকা কৰা ধৰণে ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ তৃতীয়টো জোৱাৰৰ সন্মুখীন হ’ব বিশ্বৰ বিভিন্ন দেশ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী বিষয়ববীয়াই উল্লেখ কৰিছে যে ২০২১ৰ আৰম্ভণিতে ক’ভিডে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিব ইউৰোপজুৰি৷ অর্থাৎ ২০২১ৰ আৰম্ভণিতে ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ তৃতীয়টো জোৱাৰৰ সন্মুখীন হ’ব ইউৰোপ৷

সংক্রমণৰ দ্বিতীয় জোৱাৰৰ প্রতিৰোধী ব্যৱস্থা গ্রহণৰ ক্ষেত্রত কি কি পদক্ষেপৰ প্রয়োজন সেই কথাক অস্বীকাৰ কৰিলে ইউৰোপে ২০২১ৰ আৰম্ভণিতে পুনৰ মহামাৰীৰ তাণ্ডৱ সহিব লাগিব৷ বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়ববীয়া ডেভিদ নাবাৰোৱে ছুইজাৰলেণ্ডৰ সংবাদ পত্রসমূহৰ সৈতে হোৱা সাক্ষাৎকাৰত উল্লেখ কৰিছে যে গ্রীষ্মৰ সময়ছোৱাত মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত ইউৰোপীয় দেশসমূহে আন্তঃগাঁথনি নির্মাণৰ বিষয়টোক অৱজ্ঞা কৰিছে৷

মহামাৰীৰ প্রথমটো সংক্রমণৰ জোৱাৰৰ পৰা কিছু পৰিত্রাণ পোৱাৰ পিছতে বহু দেশে ক’ভিড–১৯ সন্দর্ভত প্রয়োজনীয় সজাগতা ব্যৱস্থা গ্রহণ কৰা নাই৷ ইয়াৰ ফলত দ্বিতীয়টো জোৱাৰে ইতিমধ্যে বহু দেশক আক্রান্ত কৰিছে৷ ইফালে, আমেৰিকাত ক’ভিড সংক্রমিত লোকৰ সংখ্যাই ১ কোটি ২২ লাখ অতিক্রম কৰাৰ পিছতে দেশখনৰ বিভিন্ন স্থানত পুনৰ কঠোৰ প্রতিৰোধ ব্যৱস্থা গ্রহণ কৰা হৈছে৷