দিল্লীত ভেকচিন লোৱা ৫২জন অসুস্থ, এজন আই চি ইউত

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ  ক’ভিডৰ ভেকচিনে আশাৰ সঞ্চাৰ কৰাৰ সময়তে উদ্বেগজনক তথ্য প্রকাশ কৰিছে দিল্লীৰ স্বাস্থ্যমন্ত্রী সত্যেন্দ্র জৈনে৷ আজি তেওঁ জনোৱা মতে, দিল্লীত ভেকচিন লোৱাৰ পাছতে ৫২জন লোক অসুস্থ হৈ পৰে৷ ইয়াৰে ৫১জন সামান্যভাৱে অসুস্থ লোকক প্রাথমিক চিকিৎসাৰ পাছতে যাবলৈ দিয়া হয়৷ কিন্তু এজন লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰাত তেওঁক এইমছৰ আই চি ইউত ভর্তি কৰিব লগা হয়৷ বর্তমান তেওঁ সুস্থিৰ বুলি মন্ত্রী জৈনে জানিবলৈ দিয়ে৷ তেওঁ লগতে কয় যে শনিবাৰে দিল্লীত গণ টিকাকৰণৰ বাবে ৮,১১৭জন লোকৰ নাম পঞ্জীয়ন হৈছিল৷ কিন্তু ইয়াৰে ৫৩.৩ শতাংশইহে ভেকচিন লয়৷ এই সন্দর্ভত মন্ত্রী জৈনে কয় যে দেশৰ অধিকাংশ অঞ্চলতে ৫০ শতাংশৰ আশে–পাশে গণ টিকাকৰণ হৈছে৷ যিহেতু ক’ভিড ভেকচিন লোৱাটো বাধ্যতামূলক নহয় আৰু প্রতিজন লোককে স্বেচ্ছামূলকভাৱে ভেকচিন ল’বলৈ আগবাঢ়ি আহিবলৈ কোৱা হৈছে, গতিকে ভেকচিন লোৱা, নোলোৱাটো হ’ল তেওঁলোকৰ নিজা সিদ্ধান্ত৷ বহু লোকে শেষমুহূর্তত ভেকচিন লোৱাৰ পৰা বিৰত থাকে বুলিও তেওঁ জানিবলৈ দিয়ে৷

ইপিনে মহাৰাষ্ট্রত প্রথম দিনা পার্শ্বক্রিয়াৰ কোনো তথ্য লাভ কৰা হোৱা নাই৷ অৱশ্যে কালি বৃহনমুম্বাই পৌৰসভাই গণ টিকাকৰণ অভিযান পিছুৱাই দিবলৈ বাধ্য হয়৷ ক’ভিড ভেকচিন ইণ্টেলিজেন্স নেটৱর্ক (কোউইন) নেটৱর্কত বিসংগতি ঘটাৰ বাবেই এই সিদ্ধান্ত লোৱা হয়৷ কলকাতাতো ভেকচিন লোৱাৰ পাছত কালি এগৰাকী ৩৫ বছৰীয়া নার্ছ অসুস্থ হৈ পৰে৷ লগে লগে তেওঁক চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ সম্প্রতি তেওঁ সুস্থিৰ অৱস্থাত আছে বুলি চিকিৎসকে জনাইছে৷ স্বাস্থ্য মন্ত্রালয়ৰ এজন স্বাস্থ্য বিষয়াই জনোৱা মতে, প্রকৃততে কি কাৰণত নার্ছগৰাকী অসুস্থ হৈ পৰিল, তাৰ কাৰণ উদ্ঘাটনৰ চেষ্টা অব্যাহত ৰখা হৈছে৷ কলকাতাত প্রথম দিনাৰ বাবে ১৮,৪২৫জনে পঞ্জীয়ন কৰিছিল যদিও ইয়াৰে ৬৫জনেহে ভেকচিন লয়৷