চোৰৰ বিলৈ : গাড়ীৰ বনেটত বান্ধি ঘূৰালে দোকানীয়ে

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : গুজৰাটৰ পাঁচমহল জিলাত কাংকু থাম্বলা গাঁৱত এখন সাৰৰ দোকানৰ পৰা সাৰ চুৰি কৰাৰ অভিযোগত এজন লোকক গাড়ীৰ বনেটত বান্ধি অঞ্চল ঘূৰোৱাক লৈ আলোড়নৰ সৃষ্টি হৈছে৷ সাৰৰ দোকানৰ মালিকজনে সাৰ চুৰি কৰা সূর্যন ভাবৰি নামৰ লোকজনক কৰায়ত্ত কৰি গাড়ীৰ বনেটত বান্ধি ঘূৰাই লৈ ফুৰে৷ এই দৃশ্য সামাজিক মাধ্যমত প্রচাৰিত হোৱাৰ পিছতে আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে৷ গোধৰা তালুক আৰক্ষীয়ে এই সন্দর্ভত চোৰৰ লগতে আইন হাতত তুলি লোৱা বাবে মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷

Featured