উৎসৱৰ বতৰত জনসমাগম বৃদ্ধিয়ে বিপদ মাতিবঃ হর্ষবর্ধন

দেশত ক’ৰোনা আক্রান্তৰ সংখ্যা ৭০ লাখ অতিক্রম

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ  দেশত ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীত আক্রান্ত লোকৰ সংখ্যাই ৭০ লাখ অতিক্রম  কৰাৰ সময়তে দেওবাৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ড০ হর্ষবর্ধনে আগন্তুক শীতকালত ক’ভিডৰ সংক্রমণ অধিক ভয়াৱহ হ’ব পাৰে দেশত৷ লক্ষণীয়ভাৱে শাৰদীয় দুর্গোৎসৱৰ পৰা দেশত হিন্দু ধর্মাৱলম্বী লোকসকলৰ বিভিন্ন উৎসৱ আৰম্ভ হ’ব৷ এই উৎসৱবোৰত সাধাৰণতে এক জনাকীর্ণ পৰিৱেশ সৃষ্টি হয়৷ গতিকে অধিক জনসমাৱেশেই ক’ভিডৰ সংক্রমণো বৃদ্ধি কৰাৰ আশংকা আছে বুলি মন্ত্রীগৰাকীয়ে দেওবাৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি অনুৰাগীসকলৰ সৈতে হোৱা মত বিনিময়ত উল্লেখ কৰিছে৷ স্মর্তব্য যে ইতিমধ্যে কেইবাটাও প্রতিবেদনত প্রকাশ পাইছে আগন্তুক শীতত ক’ভিডৰ সংক্রমণ বৃদ্ধিৰ আশংকা৷ এইক্ষেত্রত ক’ভিড প্রট’কল মানি চলাৰ গত্যন্তৰ নাই বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে ব্রিটেইনৰ একাডেমী অৱ মেডিকেল ছায়েন্সে আগন্তুক জানুৱাৰী–ফেব্রুৱাৰী মাহ দুটাত ক’ভিড সংক্রমণ অধিক ভয়াৱহ হ’ব পাৰে বুলি ইতিমধ্যে ভৱিষ্যদ্বাণী কৰিছে৷ ভাৰতৰ দৰে দেশত শীতকালত ক’ভিডৰ সংক্রমণৰ আশংকা আন দেশৰ তুলনাত বেছি বুলিও বিভিন্ন সমীক্ষাত প্রকাশ পাইছে৷ ইফালে দেশত কেইবাটাও পর্যায়ত ক’ভিড ভেকচিনৰ পৰীক্ষা চলি থকা বুলি মন্ত্রী হর্ষবর্ধনে উল্লেখ কৰিছে যদিও ভেকচিন কেতিয়া বজাৰলৈ আহিব, সেই সন্দর্ভত কোনোধৰণৰ ইংগিত দিয়া নাই৷ এতিয়াও দেশত প্রথম, দ্বিতীয় আৰু তৃতীয় পর্যায়ত কেইবাটাও ভেকচিনৰ পৰীক্ষা চলি আছে৷ অৱশ্যে চলিত বর্ষৰ শেষলৈ ক’ভিড ভেকচিন বজাৰলৈ আহিব বুলি বিশ্বৰ কেইবাখনো দেশে দাবী কৰি আছে৷ স্মর্তব্য যে দেশত এতিয়ালৈকে ক’ভিড ভাইৰাছত সংক্রমিত হৈছে ৭০,৬৩,৯৫৫গৰাকী লোক৷ মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ১,০৮,৪১২গৰাকীয়ে৷ যোৱা ২৪ ঘণ্টাত দেশত ৭০ সহস্রাধিক লোক নতুনকৈ ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে৷