নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ দেশৰ ৰাজধানী মহানগৰ দিল্লীত আয়কৰ বিভাগে বিভিন্ন চহৰত কৰ ফাঁকি দিয়া এক গোচৰত তালাচী চলাই কমপক্ষেও ৬২ কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে৷ সংস্থাটোৰ এগৰাকী বিষয়ববীয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি সঞ্জয় জৈন নামৰ লোক এজনে বিভিন্ন স্থানত ৰখা এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰা হৈছে৷
দিল্লী, হাৰিয়ানা, পঞ্জাব উত্তৰাখণ্ড, গোৱা আদি বিভিন্ন চহৰত কৰ ফাঁকি দি অবৈধ ধনৰ লেনদেন কৰিছিল এই লোকজনে৷ লক্ষণীয়ভাৱে সঞ্জয় জৈনৰ পৰাই ৫০০ কোটি টকা হাৱালা চক্রই বিভিন্ন স্থানলৈ প্রেৰণ কৰিছিল৷
এই বৃহৎ পৰিমাণৰ লুকুৱাই ৰখা ধনত আছে ২০০০ আৰু ৫০০টকীয়া নোট৷ এই বৃহৎ পৰিমাণৰ ধন জব্দ হোৱাৰ পিছতে ৰাজধানী মহানগৰীৰ পৰাই অপৰাধী চক্রই অবৈধ ধনৰ লেনদেন চলাই থকাটো নিশ্চিত কৰিছে আয়কৰ বিভাগে৷ সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি সঞ্জয় জৈনৰ পৰাই বৃহৎ এক অপৰাধী চক্রৰ শীঘ্রে সন্ধান পোৱাৰ সম্ভাৱনা আছে৷