ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণ, নিহত কনিষ্টবল

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ আজি ঝাৰখণ্ডৰ লোহাৰ্দাগা জিলাত এক আই ই ডি বিস্ফোৰণৰ ফলত এগৰাকী আৰক্ষী কনিষ্টবল নিহত হৈছে।

মাওবাদী অধ্যুষিত এলেকাত ঘটা ঘটনাটো চেৰেন্দেগ আৰক্ষী থানাৰ অন্তৰ্গত দুন্দ্ৰু বনাঞ্চলত সংঘটিত হয়।

আজি চি আৰ পি এফে মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই থকা সময়ত বিস্ফোৰণটো সংঘটিত হয়।

আই ই ডি বিস্ফোৰণত নিহত কনিষ্টবলজনৰ নাম দুলেশ্বৰ প্ৰাশ বুলি জানিব পৰা গৈছে। প্ৰথমাৱস্থাত গুৰুতৰভাৱে আহত প্ৰাশক ৰাঁচীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও কিছু সময় পিছত তেওঁৰ মৃত্যু হয়।

নিহত প্ৰাশৰ ঘৰ ঝাৰখণ্ডৰ গুমলাৰ ডুমৰি আৰক্ষী থানাৰ অন্তৰ্গত কাটিম্বা নামৰ গাঁৱত।