JNU কাণ্ডঃ আক্ৰমণত আহতৰ বিৰুদ্ধে গোচৰ, মুকলি আকাশৰ তলত দুৰ্বৃত্ত

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ দেশৰ ৰাজধানী চহৰ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাক লৈ ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত আছে দেশত । দেওবাৰে সন্ধ্যা সংঘটিত এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ছাত্ৰ একতা সভাৰ সভানেত্ৰী আয়েশা ঘোষকে ধৰি বহু শিক্ষাৰ্থীৰ লগতে শিক্ষক ।

ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা লোৱাৰ বিপৰীতে আহতসকলৰ বিৰুদ্ধে হে গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে । সভানেত্ৰী আয়েশা ঘোষ সহ ১৯ গৰাকী শিক্ষাৰ্থীৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰা বিষয়ত এতিয়া প্ৰতক্ৰিয়া প্ৰকাশ কৰিছে সচেতন লোকে । এই ঘটনাক লৈ বিশিষ্ট ছবি পৰিচালক অৰ্পণা সেনে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া । তেওঁ উল্লেখ কৰিছে যে, যিসকলক আক্ৰমণ কৰি মূৰ ফালি পেলোৱা হ’ল সেইসকলৰ বিৰুদ্ধে গোচৰ তৰিছে অথচ দুষ্কৃতিকাৰী ঘূৰি আছে মুকলিৰ আকাশৰ তলত । এইয়া আমাৰ দেশ বুলি যেন ক্ষোভিত হৈ পৰিছে ছবি পৰিচালক গৰাকী ।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি জেএনইউ চৌহদত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টিৰ লক্ষ্যৰে এটা চক্ৰই চেষ্টা কৰি আহিছিল । দেওবাৰে সন্ধ্যা মুখ বান্ধি অহা এটা দুষ্কৃতিকাৰীৰ দলে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে আৱাসত প্ৰৱেশ কৰিও আক্ৰমণ কৰে শিক্ষাৰ্থীক । শিক্ষাৰ্থীসকলৰ অভিযোগ অনুসৰি এই কাৰ্যত জড়িত হৈ আছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ । এবিভিপিৰ বিৰুদ্ধে এই অভিযোগ উঠাৰ পাচতেই দলটোৰ তৰফৰ পৰা কোৱা হৈছে যে, বাওঁপন্থী ছাত্ৰ সংগঠনে সংঘটিত কৰিছে এই কাৰ্য ।

Featured
Comments (0)
Add Comment