নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ আনুষ্ঠানিক দায়িত্ব গ্রহণ অনুষ্ঠানৰ কিছু সময় পিছতে হোৱাইট হাউছৰ বাহিৰত বাইডেন আৰু তেওঁৰ পৰিয়াল আবদ্ধ হৈ পৰিছিল৷
বিদায়ী ড’নাল্ড ট্রাম্প প্রশাসনৰ বাবে হোৱাইট হাউছৰ বাহিৰত বাইডেন দম্পতী আবদ্ধ হোৱা বুলি সংবাদ মাধ্যমে উল্লেখ কৰিছে৷ হোৱাইট হাউছত ৰখীয়া তথা সহায়কসকলক ট্রাম্প প্রশাসনৰ বিদায়ৰ পিছত ঘৰলৈ যাব দিয়া হৈছিল৷
গতিকে হোৱাইট হাউছৰ বাহিৰত তেতিয়া ওলমি আছিল তলা৷ প্রায় ১০ ছেকেণ্ড ধৰি বাইডেন তথা তেওঁৰ পৰিয়াল হোৱাইট হাউছত তলা ওলমি থকাৰ বাবেই বাহিৰত অস্বস্তিত থাকিবলগীয়া হোৱা বিষয়টো সংবাদ মাধ্যমৰ নজৰলৈ আহে৷
ইয়াৰ পিছতেই ট্রাম্প প্রশাসনক বিভিন্ন মহলে সমালোচনা কৰিছে৷