অভিনেত্রী কংগনাৰ বাসগৃহত নিশ্ছিদ্র নিৰাপত্তা

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ মহাৰাষ্ট্র চৰকাৰৰ সৈতে মতানৈক্যত লিপ্ত হোৱা অভিনেত্রী কংগনা ৰানাৱটে কাইলৈ মুম্বাই ভ্রমণৰ সিদ্ধান্ত লোৱাৰ পিছতে অভিনেত্রীগৰাকীৰ মানালিস্থিত বাসভৱনত উপস্থিত হৈছে চিআৰপিএফৰ এগৰাকী উপ–কমাণ্ডাৰ, ইণ্টেলিজেন্স ব্যুৰ’ (আইবি) আৰু হিমাচল আৰক্ষীৰ বিষয়াৰ দল৷

অভিনেত্রীগৰাকীৰ প্রস্তাৱিত মুম্বাই ভ্রমণৰ পূর্বে নিৰাপত্তাজনিত বিষয় পর্যালোচনা কৰিবলৈমানালিস্থিত বাসভৱনত উপস্থিত হয় নিৰাপত্তা সংস্থাকেইটাৰ বিষয়ববীয়া৷ স্মর্তব্য যে ইতিমধ্যে কংগনাৰ বাসভৱনৰ বাহিৰত হিমাচল আৰক্ষীৰ দল মোতায়েন কৰা হৈছে৷