নালন্দাৰ ৭০ বছৰীয়া হস্ততাঁত শিল্পী কপিল দেৱলৈ পদ্মশ্ৰী সন্মান

নিয়মীয়া বাৰ্তা,২৭ জানুৱাৰী : প্ৰায় ষাঠি বছৰ ধৰি বস্ত্ৰ উদ্যোগৰ সৈতে জড়িত হৈ থকা বিহাৰৰ বাসিন্দা কপিল দেৱ প্ৰসাদক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। ১৯৫৪ চনত জন্মলাভ কৰা কপিল দেৱৰ পাৰিৱাৰিক বৃত্তি আছিল হস্ততাঁত। এই সন্মান লাভ কৰি তেঁও কয় যে, “মই অতিশয় আনন্দিত। এই সন্মান কেৱল মোৰ বাবে নহয় সেই সকলো মানুহৰ বাবে যিসকল হস্ততাঁত শিল্পৰ লগত জড়িত।”

ইয়াৰোপৰি তেঁও লগতে কয় যে, “মোৰ ককাইও হস্ততাঁতেৰে বাৱন বুটি শাৰী বনাইছিল আৰু পাছলৈ দেউতাইও একেটা ব্যৱসায়েই গ্ৰহণ কৰিছিল।যোৱা ষাঠি বছৰ ধৰি মইও এই হস্ততাঁত শিল্পৰ সৈতে জড়িত হৈ আছোঁ আৰু এতিয়া মোৰ একমাত্ৰ পুত্ৰও মোক হস্ততাঁতৰ কামত সহায় কৰে।” এই বাৱন বুটি শাৰীয়ে বৰ্তমান জি আই টেগিং লাভ কৰিবলৈও সক্ষম হৈছে।