কৰাচী এদিন ভাৰতৰ অংশ হৈ পৰিবঃ ফাডনাৱিচ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ মুম্বাইৰ ‘কৰাচী ছুইটছ’ নামৰ দোকানখনৰ নাম সলনি কৰিবলৈ শিৱসেনাৰ নেতা এগৰাকীয়ে ইয়াৰ গৰাকীক দাবী জনোৱা ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত মুকলি হোৱাৰ পিছত সৃষ্টি হোৱা বিতর্ক মাৰ নৌযাওঁতেই এইবাৰ মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী দেৱেন্দ্র ফাডনাৱিচে মন্তব্য কৰিছে যে কৰাচী এদিনাখন ভাৰতৰ অংশ হৈ পৰিব৷

লক্ষণীয়ভাৱে শিৱসেনাৰ নেতা নীতিন নাডগাওকাৰৰ বিতর্কিত মন্তব্য সন্দর্ভত শিৱসেনাই কোনোধৰণৰ দলীয় স্থিতিৰ কথা উল্লেখ কৰা নাছিল৷ শেহতীয়াকৈ ফাডনাৱিচে এই বিতর্ক সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত উল্লেখ কৰিছে যে নেতাগৰাকীয়ে ‘অখণ্ড ভাৰত’ক বিশ্বাস কৰে৷ গতিকে কৰাচী এদিন ভাৰতৰে অংশ হৈ পৰিব বুলিও উল্লেখ কৰে ফাডনাৱিচে৷ ফাডনাৱিচৰ এই মন্তব্যৰ পিছতে মহাৰাষ্ট্রৰ মন্ত্রী নৱাব মালিকে উল্লেখ কৰিছে যে ভাৰত, পাকিস্তান, বাংলাদেশ এখন দেশ হোৱা উচিত৷ বিজেপিয়ে যদি তিনিওখন দেশ এখন হিচাপে চিহ্ণিত হোৱাটো বিচাৰে, তেন্তে মালিকে তাক আদৰণি জনাব বুলিও উল্লেখ কৰিছে৷