‘কোচি ৰে’ল মহাসেতু’ মুকলি মোদীৰ

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ   আগন্তুক বিহাৰ বিধানসভা নির্বাচনৰ পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে হিন্দী বলয়ৰ ৰাজ্যখনত বিভিন্ন প্রকল্প মুকলি কৰিবলৈ লৈছে৷ ধাৰাবাহিকভাৱে প্রধানমন্ত্রীগৰাকীয়্ প্রতিদিনে বিভিন্ন খণ্ডৰ প্রকল্পসমূহৰ উদ্বোধন বা আধাৰশিলা স্থাপন কৰি আহিছে৷ আজি বিহাৰৰ কেইবাটাও ৰে’ল প্রকল্পৰ কাম উদ্বোধন কৰে প্রধানমন্ত্রীগৰাকীয়্৷ ইয়াৰ উপৰি ‘কোচি ৰে’ল মহাসেতু’ মুকলি কৰিছে মোদীয়ে৷ মুঠ ১২টা ৰে’ল প্রকল্পৰ কাম মুকলি কৰি শুকুৰবাৰে প্রধানমন্ত্রীগৰাকীয়্ কয় যে বিহাৰত ৰে’ল যোগাযোগৰ ক্ষেত্রত নতুন ইতিহাসৰ আৰম্ভণি ঘটিল৷ লক্ষণীয়ভাৱে মোদীয়ে পূর্বৰ ইউপিএ চৰকাৰৰ দিনত ৰে’ল প্রকল্প উন্নয়নৰ কাম অতি মন্থৰ গতিত চলিছিল বুলি  অভিযোগ কৰে৷ উল্লেখনীয় যে মোদীয়ে আনুষ্ঠানিকভাৱে ভার্চুৱেল কার্যসূচীৰে এই প্রকল্পসমূহ মুকলি কৰাৰ সময়ত বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ আৰু উপ–মুখ্যমন্ত্রী সুশীল মোদী উপস্থিত থাকে৷ কোচি ৰে’ল মহাসেতু দেশবাসীৰ বাবে উৎসর্গা কৰি এয়া প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ সপোনৰ প্রকল্প আছিল বুলিও উল্লেখ কৰে৷ কোচি ৰে’ল মহাসেতু প্রাক্তন প্রধানমন্ত্রী বাজপেয়ীৰ লগতে তেতিয়াৰ ৰে’লমন্ত্রী নীতিশ কুমাৰৰ বাবেই সম্ভৱ হোৱা বুলিও উল্লেখ কৰে মোদীয়ে৷ বাজপেয়ীৰ চৰকাৰৰ পিছত এই বহৎ ৰে’ল সেতু প্রকল্পৰ কাম মন্থৰ গতিত চলিছিল বুলি অভিযোগ কৰে প্রধানমন্ত্রীগৰাকীয়্৷ এই সপোনৰ প্রকল্পৰ জৰিয়তে মিথিলা আৰু কোচিৰ জনসাধাৰণৰ দীর্ঘদিনীয়া সমস্যাৰ অন্ত পৰিব বুলিও মোদীয়ে ঘোষণা কৰিছে৷