আজি নতুন ৰূপত চতুর্থ পর্যায়ৰ লকডাউন ঘোষণাৰ সম্ভাৱনা

গৃহ মন্ত্রালয়ে জাৰি কৰিব নির্দেশনা

নিয়মীয়া বাৰ্তা, ১৬ মে’ : দেশত ন’ভেল ক’ৰোনা ভাইৰাছ সংক্রমণৰ সংখ্যা ক্রমাৎ ভয়াৱহ ৰূপত বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় গৃহ মন্ত্রালয়ে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ আজি গৃহ মন্ত্রালয়ে পূর্বৰ তুলনাত ১২ পৃষ্ঠাত নতুন ৰূপত আৰু নতুন নির্দেশনাৰে চতুর্থ পর্যায়ৰ লকডাউন ঘোষণা কৰিব বুলি এক সূত্রত প্রকাশ ৷ ২৫ মার্চৰ পৰা ১৪ এপ্রিললৈ প্রথম পর্যায়ৰ লকডাউনৰ পাছত ১৫ এপ্রিলৰ পৰা ৩ মে’লৈ দ্বিতীয় পর্যায়ৰ লকডাউন ঘোষণা কৰিছিল ৷ কিন্তু এই ৪০ দিনীয়া সময়ছোৱাত দেশত ক’ৰোনাৰ সংক্রমণ আৰু মৃত্যুৰ সংখ্যা হ্রাস নোপোৱাত তৃতীয় পর্যায়ৰ লকডাউন ঘোষণা কৰে কেন্দ্রীয় চৰকাৰে ৷ তৃতীয় পর্যায়ৰ লকডাউন ৪ মে’ৰ পৰা ১৭ মে’লৈ ঘোষণা কৰা হৈছিল ৷ কিন্তু এই সময়ছোৱাতো সংক্রমণ ব্যাপক ৰূপত বৃদ্ধি পোৱাত চতুর্থ পর্যায়ৰ লকডাউনৰ ঘোষণা কৰাটো অৱধাৰিত হৈ পৰিছে ৷ উল্লেখ্য যে দেশৰ জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত হোৱাৰ পাছত অর্থনৈতিক দিশতো বিপর্যয়ৰ সন্মুখীন হোৱাত এইবাৰ কেন্দ্রীয় চৰকাৰে চতুর্থ পর্যায়ৰ লকডাউনত কিছু শিথিলতা আৰু নতুন নিয়ম তথা নির্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে ৷

Featured