কাইলৈ ৫৮০ বছৰৰ মূৰত দীর্ঘতম বিৰল চন্দ্রগ্রহণ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ চলিত বর্ষৰ দ্বিতীয় তথা অন্তিমটো চন্দ্রগ্রহণ কাইলৈ দেখিবলৈ পোৱা যাব৷ প্রায় তিনি ঘণ্টা ২৮ মিনিট ধৰি হ’বলগীয়া এই বিৰল আংশিক চন্দ্রগ্রহণ ৫৮০ বছৰৰ মূৰত সবাতোকৈ দীর্ঘতম হ’ব৷ আমেৰিকা মহাকাশ গৱেষণা সংস্থাই প্রকাশ কৰা অনুসৰি এইধৰণৰ দীর্ঘতম চন্দ্রগ্রহণ আৰু ৬ শতাব্দীলৈ দেখিবলৈ পোৱা নাযাব৷

চীন, জাপান, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া, টাইৱান, হংকং, মংগোলিয়াকে ধৰি এছিয়া, অষ্ট্রেলিয়া আৰু সমগ্র উত্তৰ ইউৰোপত এই আংশিক চন্দ্রগ্রহণ দৃশ্যমান হ’ব৷ পৃথিৱীৰ ছাঁই ঢাকি পেলোৱাৰ ফলত শুকুৰবাৰৰ নিশা চন্দ্রটোৰ মাত্র তিনি শতাংশহে আলোকিত হ’ব৷ শুকুৰবাৰে মাজনিশা প্রায় আঢ়ৈ বজাত ভাৰতৰ অৰুণাচল প্রদেশ আৰু অসমৰ কিছু অংশৰ পৰা কিছু ক্ষণৰ বাবে চন্দ্রগ্রহণ দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷

Featured