শিশু পর্ন’গ্রাফী চোৱা-ডাউনলোড কৰা শাস্তিযোগ্য অপৰাধ

🔹 মাদ্রাজ হাইক’ৰ্টৰ ৰায়ত স্থগিতাদেশ

নিউজ ডেস্ক, ২৪ ছেপ্টেম্বৰ : শিশু পৰ্ন’গ্রাফী চোৱা আৰু ডাউনলোড কৰি ৰখা– দুয়োটাই শাস্তিযোগ্য অপৰাধ৷ দেশৰ শীর্ষ আদালতে এই ৰায়দান কৰিছে৷ শিশু নির্যাতন প্রতিৰোধত উচ্চতম ন্যায়ালয়ৰ এই নির্দেশ এটা গুৰুত্বপূর্ণ মাইলফলক বুলি মন্তব্য কৰিছে বিভিন্ন মহলে৷ মাদ্রাজ উচ্চ ন্যায়ালয়ৰ শেহতীয়া এক ৰায়ত স্থগিতাদেশ দি কালি এই ৰায়দান কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় আৰু ন্যায়াধীশ জে বি পার্ডিৱালাৰ বিচাৰপীঠে৷ বিচাৰপীঠখনে কয় যে শিশু পর্ন’গ্রাফী চোৱা আৰু ফোনত ডাউনলোড কৰি ৰখা দুয়োটাই শাস্তিযোগ্য অপৰাধ৷ পকছ’ আইনৰ অধীনত এই দুয়োটা অপৰাধৰ বাবে শাস্তি আছে৷ শেহতীয়াকৈ ২৮ বছৰ বয়সীয়া এগৰাকী ব্যক্তিৰ বিৰুদ্ধে ফোনত শিশু পর্ন’গ্রাফী ডাউনলোড কৰি ৰখাৰ অভিযোগ উঠিছিল৷ সেই গোচৰত মাদ্রাজ উচ্চ ন্যায়ালয়ে শিশু পর্ন’গ্রাফী ডাউনলোড কৰি ৰখা বা চোৱা শিশু সুৰক্ষা আইন (পকছ’) আৰু তথ্য–প্রযুক্তি (আইটি)ৰ অধীনত অপৰাধ বুলি গণ্য কৰা নহ’ব বুলি ৰায়দান কৰিছিল৷ এই গোচৰটোতে উচ্চতম ন্যায়ালয়ে মাদ্রাজ উচ্চ ন্যায়ালয়ৰ ৰায়ত স্থগিতাদেশ দি নতুন নির্দেশ জাৰি কৰিছে৷ গোচৰটো পুনৰ বিচাৰাধীন আদালতলৈ প্রেৰণ কৰা হৈছে৷ পকছ’ আইনৰ ১৫ ধাৰা উল্লেখ কৰি মাদ্রাজ উচ্চ ন্যায়ালয়ৰ ৰায় এটা ডাঙৰ ভুল বুলি পর্যবেক্ষণ আগবঢ়াইছে বিচাৰপীঠখনে৷

Featured