গান্ধী জয়ন্তীত ৰাজঘাটত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৩ সংখ্যক জন্মজয়ন্তী৷ জন্মজয়ন্তী উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

পুৱাই মহাত্মা গান্ধীৰ ৰাজঘাটৰ সমাধিস্থলীত উপস্থিত হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইফালে ৰাজঘাটত উপস্থিত হৈ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁৰ লগতে উপস্থিত আছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে ৷

গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয়, “গান্ধী জয়ন্তীত মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি। এইবাৰৰ গান্ধী জয়ন্তী আৰু অধিক বিশেষ কিয়নো ভাৰতে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিছে। গান্ধীজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে খাদী আৰু হস্তশিল্পৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আপোনালোক সকলোকে আহ্বান জনাইছো।”

ইপিনে আজিৰ দিনটোতে দেশৰ দ্বিতীয়গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰো ১১৮ সংখ্যক জন্মদিৱস।

Featured