কৃষকৰ দীর্ঘদিনীয়া দাবী পূৰণ কৰিছে নতুন আইনেঃ মোদী

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ কৃষক আন্দোলনত উত্তাল পৰিস্থিতি অব্যাহত থকাৰ সময়তে বিতর্কিত তিনিখন কৃষি আইনৰ সমর্থনত পুনৰ বক্তব্য দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নতুন কৃষি আইনকেইখন বাতিলৰ দাবীত আন্দোলনকাৰী আঁকোৰগোজ হৈ থকাৰ বিপৰীতে মোদীয়ে  নিজৰ ‘মন কী বাত’ অনুষ্ঠানত কয় যে নতুন আইনকেইখনে কৃষক ৰাইজক ব্যাপকভাৱে উপকৃত কৰিব৷

ইতিমধ্যে কৃষকৰ বাবে সামগ্রিকভাৱে নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে৷ কৃষকসকলৰ দীর্ঘদিনীয়া দাবী পূৰণৰ বাবেই চৰকাৰে এই আইনকেইখন সংসদত গৃহীত কৰিছে৷ পূর্বৰ চৰকাৰসমূহেও একেই প্রতিশ্রুতি কৃষকসকলক প্রদান কৰিছিল৷ এতিয়া কৃষকসকলৰ সেই দাবীসমূহ আইনকেইখনৰ জৰিয়তে পূৰণ কৰা হৈছে৷