ঋণ আবেদন নাকচ, বেংকতে লগাই দিলে জুঁই

অদ্ভূত প্ৰতিশোধ। ঋণ আবেদন নাকচ কৰাৰ বাবে বেংকতে জুঁই লগাই দিলে এজন ৩৩ বছৰীয়া ব্যক্তিয়ে। এই ঘটনা কৰ্ণাটকৰ হাভেৰি জিলাৰ।

অভিযোগত প্ৰকাশ যে বেংকে সকলো কাগজ-পত্ৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত মানুহজনৰ ঋণ আবেদন নাকচ কৰাৰ বিৰক্তিতে দেওবাৰে বেংকৰ নিৰ্দিষ্ট শাখাটোত জুঁই লগাই দিয়ে। অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে কাগিনেল্লী আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছে।