মিৰাজ ২০০০ যুদ্ধ বিমানেৰে শক্তি বৃদ্ধি বায়ুসেনাৰ

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ  সীমান্তত চীনৰ সৈতে উত্তেজনা অব্যাহত থকাৰ সময়তে ফ্রান্সৰ দুখন মিৰাজ ২০০০ যুদ্ধ বিমানেৰে শক্তি বৃদ্ধি হ’ল ভাৰতীয় বায়ুসেনা বাহিনীৰ৷ চৰকাৰী সূত্রত প্রকাশ কৰা মতে, ফ্রান্সৰ পৰা দুখন মিৰাজ ২০০০ প্রশিক্ষণ সংস্কৰণ যুদ্ধ বিমান আজি ভাৰতীয় নৌ–বাহিনীয়ে গ্রহণ কৰিলে৷ ফ্রান্সৰ বিমানবন্দৰৰ পৰা এই যুদ্ধ বিমান দুখন আহি আজি ভাৰতৰ গোৱালিয়ৰৰ বায়ুসেনা ঘাটিত অৱতৰণ কৰে৷ এই যুদ্ধ বিমান দুখন হিন্দুস্তান এৰ’নেটিক লিমিটেডে উন্নত প্রযুক্তিৰে অত্যাধুনিক কৰি তুলিব৷

মিৰাজ যুদ্ধ বিমানৰ শক্তি ৫০লৈ বৃদ্ধি কৰাৰ অংশ হিচাপে ভাৰতীয় বায়ুসেনা বাহিনীয়ে ফ্রান্সৰ পৰা দুখন ছেকেণ্ডহেণ্ড মিৰাজ যুদ্ধ বিমান আনিছে৷ ভাৰতীয় নৌ–বাহিনীৰ মিৰাজ যুদ্ধ বিমানৰ শক্তি ৫১খনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা এই কাৰণে গ্রহণ কৰা হৈছে যে ইতিপূর্বে এই বিমান কেইবাখনো দুর্ঘটনাত পতিত হৈ বিধ্বস্ত হৈছে৷ ফ্রান্স আৰু ভাৰত চৰকাৰৰ মাজত মিৰাজ যুদ্ধ বিমান উন্নীত কৰাৰ চুক্তি অনুসৰিয়ে এই প্রক্রিয়া আৰম্ভ হৈছে৷ উল্লেখ্য যে ১৯৮০ চনৰ পৰাই ভাৰতে মিৰাজ যুদ্ধ বিমান ব্যৱহাৰ কৰি আহিছে৷

কার্গিল যুদ্ধৰ পৰা ২০১৯ৰ বালাকোট বিমান আক্রমণলৈকে এই মিৰাজ যুদ্ধ বিমান ব্যৱহাৰ কৰা হৈছে৷ কার্গিল যুদ্ধত মিৰাজ যুদ্ধ বিমানেৰে পাকিস্তানৰ সেনাৰ শিবিৰ আৰু টাইগাৰ হিলৰ শীর্ষত বাংকাৰত আক্রমণ চলোৱা হৈছিল৷ তেনেদৰে পাকিস্তানৰ বালাকোটতো নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠন জইছ–ই–মহম্মদৰ শিবিৰত এই যুদ্ধ বিমানেৰে আক্রমণ চলোৱা হৈছিল৷ পুৰণি মিৰাজ যুদ্ধ বিমানসমূহ প্রক্রিয়াগতভাৱে আঁতৰাই অত্যাধুনিক ৰূপত এই মিৰাজ ২০০০ যুদ্ধ বিমানসমূহ উন্নীত কৰা হ’ব৷