ভেকচিন যোগান বৃদ্ধি কৰিবলৈ নিৰন্তৰ প্রয়াস চলাই থকা হৈছেঃ মোদী

নিয়মীয়া বাৰ্তা, ১৯ মেঃ ক’ভিড–১৯ দ্বিতীয় জোৱাৰসৃষ্ট পৰিস্থিতি সন্দর্ভত অসমকে ধৰি ১০ ৰাজ্যৰ জিলা বিষয়াৰ সৈতে ভার্চুৱেল বৈঠকত মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ইতিপূর্বে দেশৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্রীৰ সৈতে ক’ভিড পৰিস্থিতিক লৈ বার্তালাপ কৰাৰ পিছত প্রধানমন্ত্রী মোদীয়ে জিলা বিষয়াসকলৰ সৈতে এই বিষয়টোক লৈ গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ ভার্চুৱেলযোগে অনুষ্ঠিত এই বৈঠকত প্রধানমন্ত্রী মোদীয়ে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজত জিলা বিষয়াসকলে গ্রহণ কৰা গুৰুত্বপূর্ণ ভূমিকাক ভূয়সী প্রশংসা কৰে৷

প্রধানমন্ত্রীগৰাকীয়ে কয়– ‘ক’ৰোনাৰ বিৰুদ্ধে যুঁজখনত আপোনালোক আটায়ে এক গুৰুত্বপূর্ণ ভূমিকা লৈ আছে৷ এক কথাত আপোনালোকে এই যুঁজখনৰ ফিল্ড কমাণ্ডাৰ৷’ এই বৈঠকত প্রধানমন্ত্রী মোদীয়ে ক’ভিড–১৯ প্রথম জোৱাৰত কৃষিখণ্ডক বন্ধ নকৰাৰ প্রসংগ উল্লেখেৰে কয় যে প্রথম জোৱাৰৰ সময়ত কৃষিখণ্ডত গাঁওবাসীয়ে খেতিপথাৰত সামাজিক দূৰত্ব বর্তাই ৰাখিছিল৷ গাঁওবাসীয়ে তেওঁলোকৰ আৱশ্যক অনুযায়ী তথ্য সংগ্রহ কৰি এনে ভূমিকা লৈছিল আৰু এয়াই গাঁওসমূহৰ শক্তি৷

অসম, কর্ণাটক, বিহাৰ, চণ্ডীগড়, তামিলনাডু, উত্তৰাখণ্ড, মধ্যপ্রদেশ, গোৱা, হিমাচল প্রদেশ আৰু দিল্লীৰ জিলা বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হোৱা প্রধানমন্ত্রী মোদীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে ভেকচিন যোগান বৃদ্ধি কৰিবলৈ নিৰন্তৰভাৱে প্রয়াস চলাই থকা হৈছে৷ ভাইৰাছটোৰ বিৰুদ্ধে যুঁজখনত দেশৰ বাবে অস্ত্র হৈছে স্থানীয় কণ্টেইনমেণ্ট জ’ন, আগ্রাসী পৰীক্ষণ আৰু শুদ্ধ আৰু সম্পূর্ণ তথ্য জনতাৰ মাজলৈ প্রচাৰ কৰাটো৷ এই সময়ত কিছুমান ৰাজ্যত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা হ্রাস পাইছে আৰু আন কিছুমানত বৃদ্ধি পাইছে৷ আক্রান্তৰ সংখ্যা হ্রাস পালেও দেশৰ নাগৰিকসকল অধিক সজাগ হৈ থাকিব লাগিব৷