নৰেন্দ্র মোদী সর্বাধিক সময় শাসনত থকা অকংগ্রেছী প্রধানমন্ত্রী

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ   অটল বিহাৰী বাজপেয়ীক অতিক্রম কৰি দেশৰ সর্বকালৰ দীর্ঘসময়ৰ অকংগ্রেছী প্রধানমন্ত্রী হিচাপে পৰিগণিত হ’ল নৰেন্দ্র মোদী৷ ইতিমধ্যে প্রধানমন্ত্রী হিচাপে একেৰাহে ছটা বছৰ অতিক্রম কৰিছে মোদীয়ে৷ উল্লেখ্য যে বাজপেয়ীয়ে তেওঁৰ তিনিটা কার্যকালত ২,২৬৮ দিন প্রধানমন্ত্রীৰ আসনত আছিল৷ তেওঁ ছবাৰকৈ লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছিল৷ অহা ১৫ আগষ্টত মোদীয়ে সপ্তমবাৰৰ পৰা লালকিল্লাত পতাকা উৰুৱাব৷ বৃহস্পতিবাৰে বিজেপিৰ আই টি বিভাগৰ মুৰব্বী অমিত মালৱিয়াই এক টুইটত কয়– ‘আজি প্রধানমন্ত্রী নৰেন্দ্র মোদী দেশৰ ইতিহাসৰ সর্বকালৰ চতুর্থ দীর্ঘসময়ৰ প্রধানমন্ত্রী হিচাপে পৰিগণিত হ’ল৷ তেওঁ হ’ল দেশৰ সর্বকালৰ সর্বাধিক সময়ৰ বাবে শাসনত থকা অকংগ্রেছী প্রধানমন্ত্রী৷’ স্মর্তব্য যে মোদীয়ে ২০১৪ চনৰ ২৬ মে’ত প্রথম কার্যকালৰ বাবে প্রধানমন্ত্রী হিচাপে শপতগ্রহণ কৰিছিল৷ আটাইতকৈ দীর্ঘসময়ৰ বাবে প্রধানমন্ত্রীৰ দায়িত্বত আছিল জৱাহৰলাল নেহৰু৷ দেশৰ প্রথম প্রধানমন্ত্রী নেহৰু ৬,১৩০ দিন দায়িত্বত আছিল৷ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ইন্দিৰা গান্ধী (৫,৮২৯ দিন) আৰু মনমোহন সিং (৩,৬৫৬ দিন)৷ উল্লেখ্য যে ১৯৪৭ চনৰ পৰা এইপর্যন্ত ১৫জন প্রধানমন্ত্রী হৈছে ভাৰতত৷

Featured