ইউক্ৰেইনৰ যুদ্ধ কেৱল বিশ্বযুদ্ধৰ আখৰাহে, পৰৱৰ্তী লক্ষ্য হ’ব নাটো, কোনে দিলে মুকলি ভাবুকি

বিশেষ বাৰ্তা, ২১ মেঃ ৰাছিয়াৰ সেনাই ইউক্ৰেইনত চলোৱা ভয়ংকৰ আক্ৰমণ বহু প্ৰজন্মলৈ স্মৰণীয় হৈ থাকিব। কিন্তু এজন ৰাছিয়াৰ বিশ্লেষকে ইয়াক কেৱল বৃহত্তৰ বিশ্বযুদ্ধৰ ‘আখৰা’ বুলিহে অভিহিত কৰিছে। ৰাছিয়াৰ চৰকাৰী টিভি চেনেলৰ ইনষ্টিটিউট অৱ ইণ্টাৰনেশ্যনেল ছিকিউৰিটি ষ্টাডিজৰ গৱেষক-অধ্যাপক আলেক্সেই ফেনেংকোৱে মুকলিকৈ কয় যে পৰৱৰ্তী সংঘাত নাটোৰ বিৰুদ্ধে হ’ব পাৰে। তেওঁ কয় যে আমাৰ বাবে ইউক্ৰেইনৰ যুদ্ধ ভৱিষ্যতে সম্ভাৱ্য বৃহৎ সংঘাতৰ আখৰাহে। আমি নাটোৰ অস্ত্ৰৰ সৈতে যুদ্ধক্ষেত্ৰত আমাৰ অস্ত্ৰ কিমান শক্তিশালী তাৰে তুলনা কৰি চাম।মন কৰিবলগীয়া যে ক্ৰেমলিনে ইউক্ৰেইনত নিজৰ বৰ্বৰ কাৰ্যক এতিয়াও ‘যুদ্ধ’ বুলি অভিহিত কৰা নাই। এতিয়াও ‘বিশেষ সামৰিক অভিযান’ শব্দটো ব্যৱহাৰ কৰিছে। অৱসৰপ্ৰাপ্ত আমেৰিকাৰ জেনেৰেল বেৰী আৰ মেককেফ্ৰিয়ে ফেনেংকোৰ এই বক্তব্যক ‘আশ্বৰ্যকৰ’ বুলি অভিহিত কৰিছে। তেওঁ কয় যে নাটো বা ইউৰোপীয় ইউনিয়নৰ অৰ্থনৈতিক আৰু সামৰিক শক্তি ৰাছিয়াৰ তুলনাত বহুগুণে বেছি। তেওঁ কয় যে নাটোৰ অন্যান্য দেশৰ বিৰুদ্ধে ৰাছিয়াৰ আগ্ৰাসন সম্পূৰ্ণ অযুক্তিকৰ হ’ব। ফেনেংকোৰ এই বক্তব্য এনে সময়তে প্ৰকাশ পাইছে যিসময়ত ছুইডেন আৰু ফিনলেণ্ডে নাটোত যোগদান কৰিবলৈ আবেদন কৰিছে।