জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱ

🔹 দেশত বিক্রী হ্রাস যান–বাহনৰ

🔹 ৭৭ হাজাৰ কোটিৰ বাহন গ্রাহকৰ অপেক্ষাত ভঁৰালতে আবদ্ধ

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱ দেশৰ বাণিজ্যিক ক্ষেত্রখনতো পৰিছে৷ প্রধানতঃ যান–বাহন খণ্ডত বিগত তিনি মাহ ধৰি জলবায়ু পৰিৱর্তনৰ প্রভাৱে বিক্রী হ্রাস কৰিছে৷ জুন, জুলাই আৰু আগষ্ট মাহত দুচকীয়া বাহন, চাৰিচকীয়া বাহন আৰু বাণিজ্যিক বাহনৰ বিক্রী অভাৱনীয় হাৰত হ্রাস পাইছে৷ আগষ্ট মাহত ৭৭ হাজাৰ কোটি টকাৰ বাহন গ্রাহকৰ অপেক্ষাত ভঁৰালতে আবদ্ধ হৈ আছে৷ অর্থাৎ গ্রাহকে যান–বাহন ক্রয় নকৰাত জুন, জুলাই আৰু আগষ্ট মাহত বিক্রী নিম্নগামী হৈছে৷ সাধাৰণতে যান–বাহন গ্রাহকৰ বাবে ভঁৰালত ৰখাৰ এটা নির্দিষ্ট সীমা থাকে। এই নির্দিষ্ট সীমাৰ ভিতৰত যান–বাহনসমূহ গ্রাহকৰ হাতলৈ যায়৷ কিন্তু জলবায়ু পৰিৱর্তনৰ ফলত কৃত্রিম বানকে ধৰি বিভিন্ন প্রাকৃতিক দুর্যোগৰ ফলত নির্দিষ্ট সময়সীমাত বাহনসমূহ বিক্রী হোৱা নাই৷ জুন মাহত এনেদৰে গ্রাহকৰ বাবে সাজু কৰি ৰখা বাহনসমূহ সর্বকালৰ সর্বাধিক ৬৭ দিনলৈ ভঁৰালত ৰাখিবলগীয়াত পৰিছে৷ পৰৱর্তী জুলাই মাহত এই সময়সীমা ৭২ দিনলৈ বৃদ্ধি পায়৷ আনহাতে, আগষ্ট মাহত এই সীমা ৭৫ দিনলৈ বৃদ্ধি পাইছে৷ এনে পৰিপ্রেক্ষিতত আগষ্ট মাহত যান–বাহনৰ ডীলাৰসমূহত ৭.৮ লাখ বাহন পৰি থাকিবলগীয়া হয়৷ অর্থাৎ ৭৭ হাজাৰতকৈ অধিক কোটি টকা যান–বাহন ডিলাৰসমূহে বিনিয়োগ কৰি ৰাখিবলগীয়া হৈছে৷ ইয়ে যান–বাহন খণ্ডত উপার্জনৰ হাৰ নিম্নগামী কৰিছে৷ তথ্য মতে, চাৰিচকীয়া বাহনৰ বিক্রীৰ হাৰ ৪.৫ শতাংশ নিম্নগামী হৈছে৷ বাণিজ্যিক বাহনৰ চাহিদা অর্থাৎ বিক্রীৰ হাৰ ৬ শতাংশতকৈ অধিক নিম্নগামী হৈছে৷ তেনেদৰে ট্রেক্টৰৰ বিক্রীও ১১ শতাংশ হ্রাস পাইছে৷ লক্ষণীয় যে দুচকীয়া বাহনৰ বিক্রী মাহ মাহ ধৰি ৭.২৯ শতাংশ হ্রাস পাইছে৷ জুন, জুলাই আৰু আগষ্ট মাহত জলবায়ু পৰিৱর্তনৰ পৰিপ্রেক্ষিতত মাত্রাধিক বৰষুণ আৰু কৃত্রিম বানে যান–বাহন খণ্ডলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ নির্মাণ খণ্ডত নির্মাণৰ কাম হ্রাস পোৱাৰ বাবেই বাণিজ্যিক বাহনৰ বিক্রী নিম্নগামী হৈছে৷ উল্লেখ্য যে আগষ্ট মাহত যান–বাহন বিক্রী হৈছে ৩০৯,০৫৩ ইউনিট৷ ২০২৩ বর্ষত বিক্রী হৈছিল ৩২৩,৭২০ ইউনিট৷ ফেডাৰেচন অৱ অট’ম’বাইল ডীলার্ছ এছ’চিয়েচন চমুকৈ এফএডিএৰ তথ্যত প্রকাশ কৰা মতে, যান–বাহন খণ্ডই বিগত তিনি মাহ ধৰি বিক্রী হ্রাস পোৱাত লোকচানৰ সন্মুখীন হৈ আছে৷ দেশৰ আন ৰাজ্যৰ ভিতৰত কেৰালা আৰু তেলেংগানাত যান–বাহন বিক্রীৰ হাৰ সর্বাধিক নিম্নগামী হৈছে৷

Featured