‘পৰাক্রম দিৱস’ হিচাপে পালন কৰা হ’ব নেতাজী সুভাষ চন্দ্র বসুৰ জন্মদিন

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ স্বাধীনতা সংগ্রামী, আজাদ হিন্দ ফৌজৰ মুৰব্বী, ভাৰতৰত্ন নেতাজী সুভাষ চন্দ্র বসুৰ জন্মদিনটো পৰাক্রম দিৱস হিচাপে প্রতিবছৰে পালন কৰিব৷ ২৩ জানুৱাৰীত নেতাজী দিৱস হিচাপে প্রতিবছৰে পালন কৰি অহা এই দিৱসটোক এতিয়াৰে পৰা পৰাক্রম দিৱস হিচাপে উদযাপন কৰিব বুলি কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ে ঘোষণা কৰিছে৷

সাংস্কৃতিক মন্ত্রালয়ে বিবৃতিযোগে প্রকাশ কৰা মতে, দেশৰ প্রতি নেতাজীৰ অদম্য উৎসাহ আৰু নিঃস্বার্থ সেৱাক সন্মান আৰু স্মৰণ কৰাৰ বাবে ২৩ জানুৱাৰীত নেতাজীৰ জন্মদিনটো পৰাক্রম দিৱস হিচাপে উদযাপন কৰিব৷

মন্ত্রালয়ৰ বিবৃতিত উল্লেখ কৰা মতে, দেশৰ জনতাই নেতাজী সুভাষ চন্দ্র বসুৱে দেশলৈ আগবঢ়োৱা মহান অৱদানৰ বাবে ১২৫সংখ্যক জন্মজয়ন্তী গভীৰ শ্রদ্ধাৰে সোঁৱৰণ কৰিব৷ ভাৰত চৰকাৰে ২০২১ চনৰ ২৩ জানুৱাৰীৰ পৰা নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক বার্ষিকী ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় বিভিন্ন কার্যসূচীৰে এই বর্ষটো উদযাপন কৰিব৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে বিগত সময়ছোৱাত নেতাজী সুভাষ চন্দ্র বসুৰ ঐতিহ্যক সংৰক্ষণ আৰু সুৰক্ষিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছিল৷

নতুন দিল্লীৰ ৰেডফ’টত নেতাজীৰ স্মৰণত এটা সংগ্রহালয় নির্মাণ কৰা হৈছিল৷ যিটো ২০১৯ বর্ষৰ ২৩ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰিছিল৷ কলকাতাৰ ঐতিহাসিক ভিক্টৰিয়া মেম’ৰিয়েল বিল্ডিঙত স্থায়ীভাৱে নেতাজীৰ কর্মৰাজি প্রদর্শন আৰু লাইট এণ্ড ছাউণ্ডৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ অহা ২৩ জানুৱাৰীত কলকাতাৰ ভিক্টৰিয়া মেম’ৰিয়েলত নেজাতী সুভাষ চন্দ্র বসুৰ জন্মদিন উদযাপনত প্রধানমন্ত্রী নৰেন্দ্র মোদী উপস্থিত থকাৰ পূর্বেই কেন্দ্রীয় চৰকাৰে নেতাজীৰ জন্মদিনক পৰাক্রম দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছে৷

Featured