নতুন যুগৰ শুভ আৰম্ভণিঃ অমিত শ্বাহ

ড০ হিমন্ত বিশ্ব শর্মালৈ ফোন

 নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ  ৰাম মন্দিৰৰ ভূমি পূজনক আদৰণি জনাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে আজিৰ এই ঐতিহাসিক দিনটোতে ভাৰতত এক নতুন যুগৰ সূচনা হ’ল৷ সম্প্রতি ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা অমিত শ্বাহে এক টুইটাৰ বার্তাত কয়– ‘আজিৰ দিনটো ভাৰতৰ বাবে ঐতিহাসিক আৰু গৌৰৱৰ দিন৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভূমি পূজন কৰি ৰাম মন্দিৰৰ শিলান্যাস কৰিলে৷ ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ এয়া হ’ল এক সোণালী অধ্যায়৷ এই শুভকর্মই নতুন যুগৰ আৰম্ভণি কৰিলে৷’ আন এক টুইটত তেওঁ কয়– ‘অযোধ্যাত ৰাম মন্দিৰৰ নির্মাণ হ’ল শতিকা শতিকাজুৰি সমগ্র বিশ্বৰ হিন্দুসকলৰ বিশ্বাসৰ প্রতীক৷ ভূমি পূজনৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু শ্রীৰাম জনমভূমি তীর্থক্ষেত্রই কোটি কোটি মানুহৰ বিশ্বাসক সন্মান জনালে৷ ইয়াৰ বাবে মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷’ তেওঁ লগতে কয় যে ৰামৰ চৰিত্র আৰু জীৱন–দর্শন হ’ল ভাৰতীয় সংস্কৃতিৰ আধাৰশিলা৷ ৰাম মন্দিৰৰ নির্মাণে এই পৱিত্র ভূমিক পুনৰ সমগ্র বিশ্বত তুলি ধৰিব৷ ধর্ম আৰু উন্নয়নৰ পাৰস্পৰিক সম্পর্কই সংস্থাপনৰ সম্ভাৱনা সৃষ্টি কৰিব৷ শতিকাজোৰা নিৰৱচ্ছিন্ন বলিদান, সংগ্রাম, ধৈর্য আৰু ৰাম ভক্তৰ আত্মত্যাগ ফচল হ’ল ৰাম মন্দিৰৰ নির্মাণ৷
ড০ হিমন্ত বিশ্ব শর্মালৈ অমিত শ্বাহৰ ফোন
ষ্ট ৰাম মন্দিৰৰ ভূমি পূজনৰ প্রাক্ক্ষণত কালি উত্তৰ–পূর্বাঞ্চলৰ সাম্প্রতিক পৰিস্থিতি সন্দর্ভত ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে ফোনযোগে বার্তালাপ কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ এক টুইটযোগে এই কথা সদৰী কৰিছে ড০ শর্মাই৷ এই প্রসংগত তেওঁ কয়– ‘হাস্পতালত থকা সত্ত্বেও নিজৰ কর্তব্যৰ প্রতি প্রদর্শন কৰা দায়বদ্ধতা অতুলনীয়৷ এয়া আমাৰ সকলোৰে বাবে এক নির্দশন৷ আপোনাৰ দৰে এজন গৃহমন্ত্রী লাভ কৰি দেশবাসী গৌৰৱান্বিত৷’