বিশ্বজুৰি চর্চিত ভাৰতীয় বংশোদ্ভৱ চিকিৎসক গৌৰৱ শর্মা

সংস্কৃতত শপতবাক্য নিউজিলেণ্ডৰ সাংসদৰ

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ নিউজিলেণ্ডৰ নৱনির্বাচিত সাংসদ ভাৰতীয় বংশোদ্ভৱ চিকিৎসক ডাঃ গৌৰৱ শর্মাই সংসদত সংস্কৃতত শপতবাক্য পাঠ কৰে৷ হেমিল্টন ৱেষ্টৰ নৱনির্বাচিত সাংসদ ডাঃ শর্মাই সংস্কৃতত শপতবাক্য পাঠ কৰি ভাৰতীয় সভ্যতা, সংস্কৃতিক দাঙি ধৰিলে৷ উল্লেখ্য যে হিমাচল প্রদেশৰ হামিৰপুৰ জিলাৰ পৰা নিউজিলেণ্ডলৈ গৈ বসবাস কৰি থকা চিকিৎসক ডাঃ শর্মা হৈছে লেবাৰ পার্টীৰ সাংসদ৷ দেশখনৰ ফ্রেংকটনত বসবাস কৰি থকা ৩৩ বছৰীয়া ডাঃ শর্মাই চিকিৎসক হিচাপে সেৱা আগবঢ়াই থকাৰ লগতে ৰাজনীতিতো জড়িত হৈছে৷