অহামাহৰ ভিতৰত বিশ্বই লাভ কৰিব ক’ৰোনা ভেকচিনঃ ট্ৰাম্প

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ    ক’ৰোনা বিভীষিকাৰ মাজতে সুখবৰ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা আহিছে এক ভাল খবৰ। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দাবী অহা মাহৰ ভিতৰত বিশ্ববাসীয়ে লাভ কৰিব মহামাৰী ক’ৰোনাৰ ভেকচিন। কাৰণ ভেকচিনৰ পৰীক্ষণ নিৰীক্ষণ সঠিক ভাৱে চলি আছে। ভেকচিন আমাৰ হাতত আহি পৰা সময় সমাগত। ভোটাৰৰ সৈতে হোৱা এক বাৰ্তালাপত কয় এই কথা জানিবলৈ দিছে ৰাষ্ট্ৰপতিগৰাকীয়ে।