অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নীতিশ কুমাৰে

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ বিজেপিৰে মিত্ৰতা ভংগৰ এটা দিনৰ পাচতেই নতুন চৰকাৰ গঠন হ’ল বিহাৰত ৷ বুধবাৰে অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে নীতিশ কুমাৰে। তেজস্বী যাদৱে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিজেপিৰ পৰা বিচ্ছিন্ন হোৱাৰ পাছত নীতিশ কুমাৰে বিৰোধী দলৰ সৈতে ‘মহাজোঁটবন্ধন’ কৰি চৰকাৰ গঠন কৰে।

ৰাজ্যপাল ফাগু চৌহানে শপত বাক্য পাঠ কৰোৱায় দুয়োকে ৷ শপত গ্ৰহণ কৰাৰ পিছত তেজস্বী যাদৱে নীতিশ কুমাৰৰ ভৰি চুই আশীৰ্বাদ বিচাৰে ।

&

nbsp;

Featured