অভিনেত্ৰীৰ পৰা সাংসদ হোৱা নুছৰত জাহান নিখোঁজ

বিশেষ বাৰ্তা, ১৭ মেঃ সাংসদ হিচাপে নিৰ্বাচিত হৈয়ে চমক দিছিল বাংলা অভিনেত্ৰী নুছৰত জাহানে। সংসদত তেওঁ পিন্ধি যোৱা কাপোৰেও বৰকৈ চৰ্চাৰ সৃষ্টি কৰিছিল। বিবাহৰ পাছত হিন্দু বেশ-ভূষণেৰেও চমক দিছিল। এইবাৰ নুছৰতৰ নামত ঠায়ে ঠায়ে পোষ্টাৰ ছপোৱা হৈছে। কোনো পোষ্টাৰত লিখা হৈছে ‘বসিৰহাটৰ এমপি নুছৰত জাহান নিখোঁজ, সন্ধান লাগে।’ তলত লিখা হৈছে ‘প্রতাৰিত জনগণ’। কোনো পোষ্টাৰত আকৌ লিখা হৈছে- ‘বসিৰহাটৰ এমপি নুছৰত জাহান নিখোঁজ, সন্ধান লাগে।’

আচৰিত হ’লেও বেছিভাগ পোষ্টাৰৰ তলত লিখা হৈছে ‘প্রচাৰত তৃণমূল’। পশ্চিমবংগৰ বসিৰহাটৰ চাঁপাতলাৰ বিস্তীর্ণ এলেকাত দলীয় সাংসদৰ নামত এনে পোষ্টাৰ দেখিবলৈ পাই তৃণমূল কংগ্ৰেছৰ ভিতৰচ’ৰাত চৰ্চা বাঢ়িছে। দলৰ একাংশই মানি লৈছে যে দলীয় সাংসদক নিজৰ অঞ্চলত দেখা নাপায়েই এই পোষ্টাৰ লগোৱা হৈছে। কোনে এই পোষ্টাৰ লগাইছে সেয়া নাজানিলেও গাঁওবাসীৰো কথা একেই, ভোট দিয়াৰ পাছৰ পৰা তেওঁক আৰু দেখা যোৱা নাই। তৃণমূল কংগ্ৰেছৰ স্থানীয় নেতা-কৰ্মীৰো একেই অভিযোগ, ভোটৰ পাছৰ পৰা দেখা দেখি নাই সাংসদৰ।