মুখ্যমন্ত্ৰীসকলৰ সৈতে দেশৰ ক’ভিড পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশত কৰোনা সংক্ৰমণৰ বৰ্ধিত ঘটনা সন্দৰ্ভত আলোচনা কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা টুইটযোগে প্ৰকাশ কৰিছে। এক টুইটযোগে তেওঁ কয়, “তেওঁ বুধবাৰে দুপৰীয়া ১২ বজাত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব আৰু কৰোনা পৰিস্থিতিৰ পৰ্যালোচনা কৰিব।”

ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে বৈঠকত এক প্ৰেজেণ্টেচন আগবঢ়াব। দেশৰ বহুতো ৰাজ্যত কৰোনা সংক্ৰমণ আৰু মৃত্যু পুনৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। দেওবাৰে মন কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে লোকসকলক কোভিড সম্পৰ্কীয় সাৱধানতা অৱলম্বন অব্যাহত ৰাখিবলৈ আহ্বান জনাইছিল।