লকডাউন শেষ হ’ল কিন্তু ভাইৰাছ শেষ হোৱা নাইঃ প্ৰধানমন্ত্ৰী মোদী

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ ক’ৰোনা সৃষ্ট পৰিবেশৰ মাজতে সপ্তমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে দেশৰ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক হ’ব ধৰিছে। মৃত্যুৰ হাৰ কমাৰ লগতে আক্ৰান্তৰ সংখ্যাও হ্ৰাস পাইছে। কিন্তু তাৰ মাজতে একাংশই ক’ৰোনাক লৈ সচেতন নোহাৱা হৈছে। ভেকচিন প্ৰস্তুত নোহোৱালৈকে ক’ৰোনাৰ বিৰুদ্ধে আমাৰ যুদ্ধ অব্যাহত থাকিব।

সামাজিক স্থানলৈ গ’লে মাক্স পৰিধান কৰিবলৈ সকলোকে অনুৰোধ জনায় মোদীয়ে। লক ডাউন নোহাৱা হ’লেও ভাইৰাছ যোৱা নাই। এতিয়া বহু লোক ঘৰৰ পৰা ওলাবলৈ আৰম্ভ কৰিছে ই পুনৰ সংকট নমাই আনিব। আমি সকলো সাবধান হৈ থাকিবই লাগিব। পৰিস্থিতি পুনৰ বেয়া হ’বলৈ দিয়া নহ’ব।

ক’ৰোনাৰ প্ৰট’কল মানি চলিবলৈ জনসাধাৰণক আহ্বান মোদীৰ। বিশ্বৰ আগশাৰীৰ দেশৰ তুলনাত ক’ৰোনা প্ৰতিৰোধত ভাৰত সফল হৈছে। দেশৰ প্ৰতিজন ব্যক্তিয়ে পাব ভেকচিন। উৎসৱৰ সময়ত সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।