তিনি মাহ বন্ধ থাকিব প্রধানমন্ত্রীৰ ‘মন কী বাত’

🔹 লোকসভা নির্বাচনৰ পূর্বে ৰেডিঅ’ৰ অন্তিম কার্যসূচী

বিশেষ বাৰ্তা, ২৬ ফেব্রুৱাৰী : প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি পুনৰ ৰেডিঅ’ৰ ‘মন কী বাত’ কার্যসূচীত দেশবাসীক সম্বোধন কৰে৷ লক্ষণীয়ভাৱে আগন্তুক ৩ মাহলৈ ‘মন কী বাত’ কার্যসূচী বন্ধ থাকিব বুলি উল্লেখ কৰে মোদীয়ে৷ লোকসভা নির্বাচনৰ বাবে ‘মন কী বাত’ কার্যসূচী বন্ধ থাকিব৷ কাৰণ মার্চ মাহৰ দ্বিতীয় সপ্তাহতে নির্বাচনৰ অধিসূচনা জাৰি হ’ব দেশত৷ উল্লেখনীয় যে ‘মন কী বাত’ত প্রাকৃতিকভাৱে বিভিন্ন কৃষিকার্য সম্পন্ন হ’ব লাগে বুলি উল্লেখ কৰে মোদীয়ে৷ কৃষিত ৰসায়নৰ ব্যৱহাৰে বিষাক্ত পৰিস্থিতিৰ সৃষ্টি কৰে বুলি কৈ মোদীয়ে দেশৰ চুকে–কোণে মহিলাসকলে প্রাকৃতিকভাৱে কৃষিৰ বিস্তাৰ ঘটোৱা বুলি উল্লেখ কৰে৷ লক্ষণীয় যে ‘মন কী বাত’ কার্যসূচীত জল সংৰক্ষণৰ বিষয়টোও উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে৷ ইফালে, নতুন ভোটাৰসকলক মোদীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈও আহ্বান জনায় ১১০সংখ্যক ‘মন কী বাত’ কার্যসূচীত৷

Featured