কৃষ্ণাংগক হত্যাৰ প্রতিবাদত উত্তাল ব্রাজিল

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ব্রাজিলৰ দক্ষিণ প্রান্তৰ চহৰ প’র্টো আলেগ্রে এক ছুপাৰ মার্কেটত নিৰাপত্তাৰক্ষীয়ে কৃষ্ণাংগ লোক এগৰাকীক মৰিয়াই হত্যা কৰা ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্র চহৰখনত৷ সহস্রাধিক প্রতিবাদকাৰীয়ে কেয়াৰ ফৰ ব্রাজিল নামৰ ছুপাৰ মার্কেটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷

গ্ল’ব নিউজৰ প্রতিবেদন অনুসৰি সমগ্র বজাৰখনতে বিভিন্ন সামগ্রী লুট কৰিছে বিক্ষুব্ধ লোকসকলে৷ ইফালে, বজাৰখনৰ বহু মূল্যৱান আচবাব প্রতিবাদকাৰীসকলে ধ্বংস কৰে৷ চহৰখনত সংগঠিত প্রতিবাদে সমগ্র দেশখনলৈ ব্যাপিত কৰিছে বিক্ষোভ৷ কৃষ্ণাংগ লোকৰ হত্যাৰ বিৰুদ্ধে এতিয়া আমেৰিকাৰ পিছত বিক্ষোভত উত্তাল দেশ হিচাপে চিহ্ণিত হৈছে ব্রাজিল৷

স্মর্তব্য যে এই বিক্ষোভৰ সময়তে কট্টৰ সোঁপন্থী ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৰ বিৰুদ্ধেও শ্লোগান দিছে প্রতিবাদী লোকসকলে৷