দ্বিতীয়বাৰলৈ প্ৰয়াত সাংবাদিক দানিশ ছিদ্দিকিক পুলিৎজাৰ বঁটাৰে সম্মানিত

বিশেষ বাৰ্তা, ১০ মেঃ তেওঁৰ লেন্সে কথা কৈছিল। তেওঁৰ এটা ক্লিকত বিশ্বই গ’ম পাইছিল এটা বিস্তাৰিত ঘটনা। সেইগৰাকী ফটো সাংবাদিক দানিশ ছিদ্দিকিয়ে বিগত বছৰত তালিবানৰ আক্রমণত প্রাণ হেৰুৱাইছিল আফগানিস্তানত। এইবাৰ তেওঁক মৰণোত্তৰভাবে পুলিৎজাৰ বঁটাৰে সম্মানিত কৰা হৈছে। ইয়াৰ আগতেও এবাৰ পুলিৎজাৰ পুৰস্কাৰ লাভ কৰিছিল দানিশে। কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত বিগত বৰ্ষত ৰয়টাৰ্ছৰ ফটো সাংবাদিক হিচাপে যিবোৰ ফটো তুলিছিল তাৰ বাবেই দানিশক পুৰষ্কৃত কৰা হৈছে। দানিশৰ লগতে ভাৰতৰ আৰু তিনি জন ফটো সাংবাদিকে এইবাৰ সাংবাদিকতাৰ শ্ৰেষ্ঠ পুৰষ্কাৰ পুলিৎজাৰ লাভ কৰিছে। তেওঁলোক হ’ল আদনান আবিদি, ছান্না ইৰছাদ মাট্টু আৰু অমিত দাভে। এই তিনিও ফটো সাংবাদিকেও কভিডৰ সময়ত ভাৰতৰ ভয়াৱহ অৱস্থাৰ ছবি লেন্সত বন্দী কৰি পুৰস্কৃত হৈছে।