তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰুছ ৰাষ্ট্ৰপতি পুটিন

বিশেষ বাৰ্তা, ১৬ মেঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন গুৰুতৰভাৱে অসুস্থ। পুটিন তেজৰ কৰ্কট ৰোগত আক্ৰান্ত। এজন প্ৰাক্তন ব্ৰিটিছ চোৰাংচোৱাই এই কথা কৈছে। ড’নাল্ড ট্ৰাম্প আৰু ২০১৬ চনৰ আমেৰিকাৰ নিৰ্বাচনী প্ৰচাৰত ৰাছিয়াৰ হস্তক্ষেপৰ অভিযোগ উত্থাপন কৰা ক্রিষ্টোফাৰ ষ্টিলে এটা ইংৰাজী সংবাদ প্ৰতিষ্ঠানক কৈছে যে ৰাছিয়া আৰু অন্যান্য ঠাইৰ সূত্রৰ পৰা যি শুনিছে তাৰ পৰা এয়া স্পষ্ট হৈছে যে পুটিন আচলতে গুৰুতৰভাৱে অসুস্থ। ইফালে, ৰুছ ৰাষ্ট্ৰপতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা এজন ব্যৱসায়িক নেতাই কৈছে যে পুটিন তেজৰ কৰ্কট ৰোগত আক্ৰান্ত। উল্লেখনীয় যে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰে পৰা  পুটিনৰ স্বাস্থ্যক লৈ বহু কথা প্ৰকাশ হৈ আহিছে। কিন্তু ৰাছিয়াই এই সকলোবোৰ কথা মিছা বুলি দাবী কৰি আছে।