‘নিজৰ জীৱন নিজে বচাওক, প্রধানমন্ত্রী মোদী ময়ূৰৰ সৈতে ব্যস্ত’: ৰাহুল

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ ক’ৰোনা পৰিস্থিতি, চীনৰ সৈতে সীমান্তত সংঘাত বা দেশৰ অর্থনীতি- বিভিন্ন বিষয়ক সন্মুখত ৰাখি বাৰেবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু চৰকাৰক কটাক্ষ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বর্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই মোদীক আক্রমণৰ লক্ষ্য কৰি লয় ৰাহুল গান্ধীয়ে।

প্রধানমন্ত্রীৰ ‘আত্মনির্ভৰ’ শ্লোগানক কটাক্ষ কৰি দেশবাসীক উদ্দেশ্যি ৰাহুলে কয়, ‘‘নিজৰ প্ৰাণ নিজেই বচাওক। কাৰণ প্রধানমন্ত্রী মোদী এতিয়া ময়ূৰৰ সৈতে ব্যস্ত।’’

উল্লেখ্য যে কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ময়ূৰৰ সৈতে সময় কটোৱাৰ এক ভিডিঅ’ টুইটাৰত পোষ্ট কৰিছিল মোদীয়ে।

সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ কিছু সময় পূৰ্বেই সেই ভিডিঅ’ক আলমত লৈ আক্রমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী মোদীক আৰু ৰাহুল টুইট কৰি লিখে, ‘‘ভাৰতত মুঠ ক’ৰোনা আক্রান্তৰ সংখ্যা এই সপ্তাহতেই ৫০ লাখ পাৰ কৰিব। লগতে সক্রিয় ক’ৰোনা আক্রান্তৰ সংখ্যা ১০ লাখ চুব। এজন মানুহৰ অহংকাৰ আৰু অপৰিকল্পিত লকডাউনৰ বাবে দেশ জুৰি ক’ৰোনাভাইৰাছৰ সংখ্যা বৃদ্ধি পালে। মোদী চৰকাৰে কৈছে, আত্মনির্ভৰ হৈ উঠক। যাৰ অর্থ, নিজৰ জীৱন নিজে বচাওক। কাৰণ, প্রধানমন্ত্রী এতিয়া ময়ূৰৰ সৈতে ব্যস্ত।’’