দুমাহৰ বিদ্যুৎ বিল প্রায় ৩ কোটি ৭২ লাখ টকা! মূৰত হাত থলে কৃষকে

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ ক’ৰোনা (CoronaVirus) সংকটৰ মাজতে এইবাৰ মূৰত হাত দিবলগীয়া হৈছে ৰাজস্থানৰ এজন কৃষকে। কাৰণ তেওঁৰ দুমাহৰ বিদ্যুতৰ বিল আহিল ৩ কোটি ৭১ লাখ ৬১ হাজাৰ ৫০৭ টকা।

ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ উদয়পুৰৰ(Udaipur) গিংগলা গাঁৱত। গাঁওখনৰ বাসিন্দা পেমাৰাম পেটেল এজন কৃষক লগতে গাঁৱতে আছে তেওঁৰ এখন দোকান। কিন্তু ক’ৰোনা (COVID-19) পৰিস্থিতিত হোৱা লকডাউনৰ বাবে সেই দোকানখনো বন্ধ আছিল। সেই দোকানৰেই বিগত দুই মাহৰ বিল প্রায় ৩ কোটি ৭১ লাখ টকা আহে।

যি দেখাৰ পাছত প্রথমে নিজৰেই চকুক বিশ্বাস কৰিব পৰা নাছিল পেমাৰামে।

পাছত এই বিল লৈ পেমাৰামে শক্তি বিভাগৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। এই কাৰ্যৰ বাবে পেমাৰামৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰে কাৰ্যালয়ৰ অধীক্ষক গিৰিশ জোশীয়ে। তেওঁ লগতে জনায়, প্ৰিণ্টিং ভুলৰ বাবে ৬ হাজাৰ ৪১৪ টকা বিলৰ বিপৰীতে প্রায় ৩ কোটি ৭২ লাখ টকা আহে।