জীৱন যুঁজত হাৰ মানিলে কমেডিয়ান ৰাজু শ্ৰীবাস্তৱে

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ: বিখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ আজি ৫৮ বছৰ বয়সত দিল্লীৰ এইমছত মৃত্যু হয়। যোৱা ডেৰ মাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল ৰাজু শ্ৰীবাস্তৱ। হাৰ্ট এটেকৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বহুদিন ভেন্টিলেটৰত আছিল তেওঁ। উল্লেখ্য যে, ১০ আগষ্টত ৰাজুক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল। একেদিনাই তেওঁৰ এঞ্জিঅ’প্লাষ্টি কৰা হৈছিল।

উল্লেখ্য যে ৪২ দিন ধৰি AIIMS ত ভৰ্তি হৈ আছিল ৰাজু শ্ৰীবাস্তৱ ৷ জিমত ট্ৰেডমিলত খোজ কাঢ়ি থকাৰ সময়তে অকস্মাতে ঢলি পৰে তেওঁ ৷ ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷  কমেডিয়ানগৰাকীয়ে পূৰ্বেও ৯বাৰ লগাইছিল ষ্টেণ্ট। এঞ্জিঅ’গ্ৰাফীত চিকিৎসকে পাইছিল যে কমেডিয়ানগৰাকীৰ হাৰ্টৰ এক বৃহৎ অংশত ১০০ শতাংশ ব্লকেজ আছে। মিডিয়া ৰিপ’ৰ্টত কোৱা হৈছে যে ৰাজু পূৰ্বৰে পৰা হাৰ্টৰ ৰোগী আছিল।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে তেওঁ আমাক অতি সোনকালে এৰি থৈ গ’ল।

Featured