পুটিনৰ দেহ কঁপিছে, থিয় হ’বলৈ কষ্ট কৰিছে, সঁচাকৈ ইমান অসুস্থ নেকি

বিশেষ বাৰ্তা, ১৫ জুনঃ ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এটা নতুন ভিডিঅ’ই তেওঁৰ স্বাস্থ্যক কেন্দ্ৰ কৰি নতুন চৰ্চাৰ সৃষ্টি কৰিছে। নিউয়ৰ্ক পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰপতিগৰাকী ক্ৰেমলিনত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠান এটাত উপস্থিত আছিল য’ত তেওঁক কঁপি উঠা আৰু থিয় হ’বলৈ কষ্ট কৰিবলগীয়া হোৱা দেখা যায়। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোৰ সত্যসত্যতা নিশ্চিত হোৱা নাই। ব্ৰিটেইনৰ এক্সপ্ৰেছৰ বাতৰি অনুসৰি দেওবাৰে চলচ্চিত্ৰ নিৰ্মাতা নিকিতা মিখাইলভক ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ পিছত ৬৯ বছৰীয়া পুটিনে অগা-পিছাকৈ থকা দেখা গৈছে।

প’ডিয়ামৰ ওচৰত থিয় হৈও ভৰি জোকাৰি থকা দেখা গৈছে সৰ্বশক্তিমান পুটিনক। ইতিমধ্যে বাতৰি প্ৰকাস হৈছিল যে পুটিনৰ অস্থিৰ স্বাস্থ্যৰ বাবে চিকিৎসকে তেওঁক দীঘলীয়া সময়ৰ বাবে ৰাজহুৱাভাৱে উপস্থিত নহ’বলৈ পৰামৰ্শ দিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্যক লৈ সমগ্ৰ বিশ্বই উদ্বিগ্ন হৈ উঠিছে। কিয়নো ইউক্ৰেইন আক্ৰমণ আৰম্ভ হোৱাৰ পিছৰে পৰা তেওঁ গুৰুতৰভাৱে অসুস্থ বুলি বাতৰি চলি আহিছে। অৱশ্যে ৰাছিয়াই এই সকলো বাতৰিক ভিত্তিহীন বুলি বাৰেবাৰে দাবী কৰিছে।