ক’ভিড আক্রান্ত বালসুব্রমণিয়ামৰ স্বাস্থ্যৰ অৱনতি

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ  ক’ভিড–১৯ত আক্রান্ত জনপ্রিয় গায়ক এছ পি বালসুব্রমণিয়ামৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটা বুলি চেন্নাইৰ হাস্পতালৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ ক’ভিড–১৯ত আক্রান্ত গায়কগৰাকীক চেন্নাইৰ ব্যক্তিগত হাস্পতাল এখনৰ জৰুৰী সেৱা কক্ষলৈ (আই চি ইউ) প্রেৰণ কৰা হৈছে৷ বর্তমান ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছে গায়কগৰাকী৷

আগষ্ট মাহৰ প্রথম সপ্তাহতে ক’ভিড–১৯ মহামাৰীত আক্রান্ত হৈছিল গায়ক বালসুব্রমণিয়াম৷ কালি নিশাৰে পৰা স্বাস্থ্যৰ দ্রুত অৱনতি ঘটিছে গায়কগৰাকীৰ৷ বর্তমান বিশেষজ্ঞ চিকিৎসকৰ দল এটাই চেন্নাইৰ এম জি এম হাস্পতালত গায়কগৰাকীক চিকিৎসা সেৱা আগবঢ়াই আছে৷