বিহাৰ নির্বাচনৰ বাবে মুম্বাইৰ পৰা ইছ্যু পঠিয়াম: সঞ্জয় ৰাউট

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ বিহাৰৰ বিধানসভা নির্বাচনৰ দিন ঘোষণা কৰাৰ ২৪ ঘণ্টা পাছতেই মুখ্যমন্ত্রী নীতিশ কুমাৰক আক্রমণৰ লক্ষ্য কৰি লৈছে শিৱসেনাৰ সাংসদ তথা মুখপাত্র সঞ্জয় ৰাউটে৷ সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুক লৈ মহাৰাষ্ট্রৰ শিৱসেনা চৰকাৰ আৰু বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ মাজত বাক্যুদ্ধ চলি থকাৰ মাজতেই এইবাৰ নির্বাচনকেন্দ্রিক বিষয়ক লৈ শিৱসেনাৰ সাংসদ ৰাউটে মুখ্যমন্ত্রী কুমাৰক আক্রমণৰ লক্ষ্য কৰি লয়৷ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে কয় যে বিহাৰৰ নির্বাচন বিকাশ, আইন–শৃংখলাজনিত ইছ্যুক লৈ প্রতিদ্বন্দ্বিতা হোৱা উচিত৷ কিন্তু এই বিষয়কেইটা যদি তেওঁলোকৰ কামত নাহে, তেতিয়া হ’লে মুম্বাইৰ পৰা ইছ্যুৰ পার্চেল বিহাৰলৈ পঠিয়াম৷

মুখ্যমন্ত্রী কুমাৰক কটাক্ষ কৰি পুনৰ কয় যে ক’ভিড–১৯ বিহাৰৰ পৰা নির্মূল হোৱা নাই৷ ভোটাৰক নির্বাচনৰ বাবে সাজু হ’বলৈ জনাইছে৷ কিন্তু ভোটাৰসকলে কিদৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ ৰাজনৈতিক দলসমূহে কিদৰে নির্বাচনী সভাৰ সমাৱেশ অনুষ্ঠিত কৰিব৷ উল্লেখ্য যে সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ গোচৰটো মুম্বাই আৰক্ষীয়ে তদন্ত কৰাত গাফিলতি কৰাৰ পৰিপ্রেক্ষিতত সুশান্তৰ পিতৃৰ অভিযোগত বিহাৰত সুশান্তৰ প্রেমিকা ৰিয়া চক্রৱর্তীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷ এই লৈ মুম্বাই আৰক্ষী আৰু বিহাৰ আৰক্ষীৰ মাজত সংঘাত আৰম্ভ হৈছিল৷